Alo Bhai (আলো ভাই)

Alo Bhai (আলো ভাই)

শ্ৰেণী:বৰগীত
কথা:শ্ৰীশ্ৰী মাধৱদেৱ


ৰাগ : ভাটিয়ালী।। ৰক্ততাল 


ধ্ৰুং :  

আলো ভাই চল আইস যাই বৃন্দাবনে।

দেখো গৈয়া আনন্দ নয়নে


পদ :  

সকল বিৰিন্দাবন ছানি

জয় জয় ৰাম কৃষ্ণ ধ্বনি

সুৰভি তেজয় হাম্বাৰাৱে

বিনোদ মিলিছে ঠাৱে ঠাৱে

ৰঙ্গে বাই শিঙ্গা শঙ্খ বেণু

নাচে গাৱে হাসে চাৰে ধেনু

যি ৰস মিলিছে বৃন্দাবনে

এসুখ নাহিকে ত্ৰিভুবনে

ৰাম কৃষ্ণ নোহয় মানুষ

আৰা দুই পৰম পুৰুষ

ব্ৰজেৰ প্ৰজাৰ ভাগ্য বৰে

কহয় মাধৱ ওহি দঢ়ে