Tumaloiye Buli Bore Ghor Bonalu (তোমালৈয়ে বুলি বৰে ঘৰ বনালো)
কণ্ঠ:মহেন্দ্ৰ হাজৰিকা,অলকা ইয়াগ্নিক
সুৰ:মহেন্দ্ৰ হাজৰিকা
কথা:মহেন্দ্ৰ হাজৰিকা
তোমালৈয়ে বুলি বৰে ঘৰ বনালো
তোমালৈয়ে বুলি বৰে ঘৰ বনালো
লুইতৰ পাৰৰে খাগৰি কাটিলো
জান জনী ঐ..!
ইকৰাই বান্ধিলো
ইকৰাই বান্ধিলো বেৰা
বাৰীৰ পিছে ফালৰ
গহৰা কাটিলো
মুকালৰ মাৰলী
চকীতে বান্ধিলো
সোনজনী ঐ...!!
বাৰান্দাত ঢাকিলো
বাৰান্দাত ঢাকিলো নৰা
জাতি কৈ বাঁহেৰে কামি চাচি ললো
লেহুকা তমালে বুটি খেৰ বান্ধিলো
চালৰ লুকোৱা বৰ তৰা ঐ
চালৰ লুকোৱা বৰ তৰা
চালৰ লুকোৱা বৰ তৰা ঐ
চালৰ লুকোৱা বৰ তৰা ।
তোমালৈয়ে বুলি আখৌ ভাজি থ'লো
খুটিৰে থমাদৈ আখলত ৰাখিলো
জানমনি ঐ...!!
ভূৰুকাত ৰাখিলো
ভূৰুকাত ৰাখিলো চিৰা
বৰা চাউলৰে পিঠা কৰি থ'লো
জোহালৰ কাষতে ওলোমাই ৰাখিলো
সোনমনি ঐ..!!
তাতে দি থৈছিলো
তাতে দি থৈছিলো জিৰা
অকণমান কথাতে দিবগৈ পৰা নাই
তোমাক চামে বুলি বহুদিন পৰা নাই
বুকুৰ ওলালেগৈ শিৰা ঐ
বুকুৰ ওলালেগৈ শিৰা
বুকুৰ ওলালেগৈ শিৰা ঐ
বুকুৰ ওলালেগৈ শিৰা ।
পাহাৰৰ ফুলুঙা শালে ঐ শিঙৰী
ঘৰৰ চাৰি চোকত লগালো বিচাৰি
জানজনী ঐ..!!
জটিয়া এজাৰো
জটিয়া এজাৰো ল'লো
পুলি নাহৰৰে শলখা বনালো
সোণাৰুৰ সূতাতে দূৱাৰ খন বন্ধালো
সোনজনী ঐ...!!
বেৰে চাই খিৰিকি
বেৰে চাই খিৰিকি থ'লো
অ' দিহিঙৰ পাৰৰে মাটি ভাঙি ল'লো
বন্ধকীৰ টকাৰে গৰু হাল কিনিলো
তেনেই নিথৰুৱা হ'লো ঐ
তেনে নিথৰুৱা হ'লো
তেনেই নিথৰুৱা হ'লো ঐ
তেনে নিথৰুৱা হ'লো ।
তোমালৈয়ে বুলি বিহু কাপোৰ বলো
ঘৰত বৰ পেৰাত সামৰি ৰাখিলো
জানমনি ঐ...!
দিবলৈ আহৰি
দিবলৈ আহৰি নাই
মাহেকে পষেকে খবৰ খাতি ল'বা
দুমাহীৰ আগতে ঘৰলৈ ঘূৰিবা ।
সোণমনি ঐ...!
পদূলি লৈ থাকিম
পদূলিলৈ থাকিম চাই
গৰু বিহু দিনা মোকে লগে দিবা
গুৰু ভকতৰো আশীৰ্বাদ খুজিবা
সুখে নধৰিব ঠাই,
সুখে নধৰিব ঠাই
সুখে নধৰিব ঠাই,
সুখে নধৰিব ঠাই ।
তোমালৈয়ে বুলি গহনা বনালো
জপাৰ বৰে কাপোৰ জপাতেই ৰাখিলো
জানজনী ঐ...!
দুহাতৰ ৰাখিলো
দুহাতৰ ৰাখিলো খাৰু
আগফালৰ চোতালত ফুলনি পাতিলো
বিজুলী বাঁহেৰে বেৰাদি ৰাখিলো
সোণজনী ঐ...!
বিচনাত ৰাখিলো
বিচনাত ৰাখিলো গাৰু
পাছফালৰ পুখুৰীত হাতে ভৰি ধুবা
গোসাঁই ঘৰ পাতিছো শলিতা জ্বলাবা
লাগিলে কৰি যাম আৰু ঐ
লাগিলে কৰি যাম আৰু
লাগিলে কৰি যাম আৰু ঐ
লাগিলে কৰি যাম আৰু ।
তোমালৈয়ে বুলি তামোল কটি থ'লো
ৰেচমি কাপোৰৰ চোলাটি চিলালো
জোনমণি ঐ...!
পুখুৰীত ৰাখিলো
পুখুৰীত ৰাখিলো ৰৌ
ভঁৰালৰ জহা ধান ভৰিৰে মাৰিলো
বাৰীৰ বিৰা জৰা নাখায় থৈ দিলো
সোণমনি ঐ...!
ঘৰৰ ছাকি থ'লো
ঘৰৰ ছাকি থ'লো মৌ
তুমি যাবা বুলি পিৰা পাৰি থ'লো
পাতৰে দুবৰি গছকি মাৰিলো
বতাহে দিয়া নাই ঢৌ ঐ
বতাহে দিয়া নাই ঢৌ
বতাহে দিয়া নাই ঢৌ ঐ
বতাহে দিয়া নাই ঢৌ ।।
0 Comments