Gouripuria Gabhoru Dekhilu lyrics in Assamese II গৌৰীপুৰীয়া গাভৰু দেখিলোঁ II Dr. Bhupen Hazarika

 

Gouripuria Gabhoru Dekhilu lyrics in Assamese II গৌৰীপুৰীয়া গাভৰু দেখিলোঁ II Dr. Bhupen Hazarika

গৌৰীপুৰীয়া গাভৰু দেখিলোঁ

গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ।
হাতীও ধৰিলোঁ তাইকো মুহিলোঁ
সাঁতুৰি গদাধৰ নৈ হে'।।
গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ।
হাতীও ধৰিলোঁ তাইকো মুহিলোঁ
সাঁতুৰি গদাধৰ নৈ হে'।।
গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ.....

মহলৰ কাষতে নৈৰে পাৰতে
আছিলে অকলে ৰৈ হে'।।
গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ......

গোৱালপাৰাৰ হাতী মহল,মাউত নানা স্থানৰ
তাৰেই মাজত মাথোন ম‍ই শিৱসাগৰৰ গাঁৱৰ
সেয়ে, গভীৰ হাবিত গাইছিলোঁ বিহু ব'হাগৰ।

কথাঃ কি গাইছিলোঁ!

'পৰ্বতে পৰ্বতে বগাব পাৰোঁ ম‍ই
পৰ্বতে পৰ্বতে বগাব পাৰোঁ ম‍ই
লতানো বগাবলৈ
লতানো বগাবলৈ টান
বলীয়া হাতীকো বলাব পাৰোঁ ম‍ই
বলীয়া হাতীকো বলাব পাৰোঁ ম‍ই
তোমাকনো বলাবলৈ
তোমাকনো বলাবলৈ টান।'

গাভৰুৰ বলালোঁ মন,লতাও বগালোঁ
বিহু গায়েই অচিন সুন্দৰীৰ চিত হৰি নিলোঁ
কষ্ট কৰিলে ৰত্ন মিলিব কথাটি শিকিলোঁ।।

হে গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ।
হাতীও ধৰিলোঁ তাইকো মুহিলোঁ
সাঁতুৰি গদাধৰ নৈ হে'।।
গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ।

তেজক পানী কৰি কৰি হস্তিনী ধৰিলোঁ
ধৰাৰ পিছত মহলদাৰৰ মাননি লভিলোঁ
সেয়ে, কইনাকে দেখুৱামগৈ দিখৌ নৈৰে পাৰ।।

গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ।
হাতীও ধৰিলোঁ তাইকো মুহিলোঁ
সাঁতুৰি গদাধৰ নৈ হে'.......
গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ।
মহলৰ কাষতে নৈৰে পাৰতে
আছিলে অকলে ৰৈ হে'।।
গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ......

Post a Comment

0 Comments