Mon Aji Hoi Ura Pokhi (মন আজি হৈ উৰা পখী)
এলবাম:প্ৰতীক্ষা(1987)
কণ্ঠ:জিতুল সোণোৱাল
সংগীত:জিতুল সোণোৱাল
মন আজি হৈ উৰা পখী
মন আজি হৈ উৰা পখী
তোমাকেই যায় বিচাৰি
পোৱা নোপোৱাৰ দোমোজাতে
আছে তোমাকেই সুঁৱৰি
বহু দিন হ'ল দেখা নাই
তোমাৰ চিনাকি হাঁহিটি
তুমি নিদিলে মনৰ ঠিকনাত
নিদিয়েহি কোনেও বাতৰি
দিন পাৰ হ'ল ৠতু পাৰ হ'ল
আজি উকা ফুলনি
তুমি জানা নেকি?
তুমি জানা নেকি?
দুখৰ ৰ'দৰ আবেলিত
অকলে অকলে মই
সোণৰে মৰীচিকা
খেদি আছিলো গৈ
অচিন পথৰ ছলনাত
কঁপিছিলে হিয়া
ধুমুহা ৰাতিয়ে মোক
আনিছিল দুখ সময়
তুমি আহি দেখুৱালা
মৰমৰে বাট
এতিয়া তুমি নাহা নেকি?
মন আজি হৈ উৰা পখী
তোমাকেই যায় বিচাৰি
পোৱা নোপোৱাৰ দোমোজাতে
আছে তোমাকেই সুঁৱৰি
বহু দিন হ'ল দেখা নাই
তোমাৰ চিনাকি হাঁহিটি
তুমি নিদিলে মনৰ ঠিকনাত
নিদিয়েহি কোনেও বাতৰি
দিন পাৰ হ'ল ঋতু পাৰ হ'ল
আজি উকা ফুলনি
তুমি জানা নেকি?
তুমি জানা নেকি?
ইপাৰ সিপাৰ নমনা
সাগৰৰ এই পাৰে
সাজিছিলো বালি ঘৰ
ধুমুহা নিশাতে
সপোন ভঙা পৰতে
তুমি কাষতে ৰৈ
দিলিহি সঁচা মৰম
কলিজাৰ উমেৰে
আজি দেখো
নোকোৱাকে গ'লা আঁতৰি
তুমি সোণ আজি নাহা নেকি ?
মন আজি হৈ উৰা পখী
তোমাকেই যায় বিচাৰি
পোৱা নোপোৱাৰ দোমোজাতে
আছে তোমাকেই সুঁৱৰি
বহু দিন হ'ল দেখা নাই
তোমাৰ চিনাকি হাঁহিটি
তুমি নিদিলে মনৰ ঠিকনাত
নিদিয়েহি কোনেও বাতৰি
দিন পাৰ হ'ল ৠতু পাৰ হ'ল
আজি উকা ফুলনি
তুমি জানা নেকি?
তুমি জানা নেকি?
তুমি জানা নেকি?
তুমি জানা নেকি?
0 Comments