Xaturibo Pari Buli (সাতুঁৰিব পাৰি বুলি) lyrics in Assamese II Jubin Garg


শ্ৰেণী:বিহু গীত

কণ্ঠ:জুবিন গাৰ্গ

সংগীত:মৌচম গগৈ

সুৰ:মৌচম গগৈ

কথা:মৌচম গগৈ



সাতুঁৰিব পাৰি বুলি সাগৰ জানো সাতোঁৰে ?

পাহৰিব পাৰি বুলি মৰম জানো পাহৰে

কাৰোবাৰ কথা শুনি পাহৰি যাবা নে ?

অতীতৰ দিয়া মৰম দলিয়াই দিবা নে ?

সেইবুলিয়ে  লাগে ভয় অ' মৰমী

সেইবুলিয়ে  লাগে ভয় অ' মৰমী


জিলিকা সকলোবোৰ সোণ হ'ব নোৱাৰে

তৰা বোৰ কেতিয়াও জোন হ'ব নোৱাৰে

এবাৰ পোৱা মৰম যেতিয়া হেৰাই যায়

তাতোকৈ দুখৰ কথা আন একোয়ে নাই

হিয়াখন ভাগি ছিগি যায় অ' মৰমী

প্ৰতাৰণা কৰিব নাপায়

প্ৰতাৰণা কৰিব নাপায়

আশাবোৰ কেতিয়াও শেষ হ'ব নোৱাৰে

ভাল পোৱা মনে সদায় কাষত হে বিচাৰে

জোন বেলি তৰা সদায় উলায়ে থাকিব

সেইয়া ভাবিছানে নাই অ' মৰমী

সঁচা মৰম এৰিব নাপায়

সঁচা মৰম এৰিব নাপায়


ধুমুহাই ভঙা পজা আকৌ সাজিব পাৰি

ভাঙিলে মনৰ আশা যোৰা দিব নোৱাৰি

নাজাই নোপোৱাই লাগে দুখৰে ৰাতিবোৰ

ভাবি মই নিশা কতাও অতীতৰ কথাবোৰ 

উভতি  আহিবানে নাই অ' মৰমী

মোৰে মন বুজিবানে নাই

উভতি  আহিবানে নাই অ' মৰমী

মোৰে মন বুজিবানে নাই


Watch the video...




Post a Comment

0 Comments