Asinayang Mane Ki (আচিনায়াং মানে কি) lyrics in Assamese II Jubin Garg

 

শ্ৰেণী:বিহু গীত

কণ্ঠ:জুবিন গাৰ্গ,বৰ্ণালী কলিতা


আচিনায়াং মানে কি অ’ মৰমী

আচিনায়াং মানে কি অ’ মৰমী 

আচিনায়াং মানে বুকুৰে মৰম 

তুমি যদি বুজি পোৱা মোৰে চেনাইটি ।


আইপ’ মেনাং মানে কি অ’ মৰমী 

আইপ’ মেনাং মানে হ’ল 

তোমাকে ভাল পাওঁ 

লুইতেদি উজায়ে মই তোমালৈয়ে যাওঁ ।


  

ঘূণাসুতিৰে পাৰত বহি মোৰ 

জংকি-পানৈৰ কথা শুনিবৰ মন যায় । 

থাকিবানে সঁচাকৈ মোৰ কনেং ঐ 

মই আহিমে বুলি তুমি বাটে চাই । 

অ’ অ’ অ’ ..

 

 

ফাগুণত আহিবা লিগাং চাবলৈ 

ৰঙাৰি বিগা চেং গাতে লবলৈ । 

আচিনায়াং মানে কি অ’ মৰমী 


আচিনায়াং মানে হ’ল বুকুৰে মৰম 

তুমি যদি বুজি পোৱা মোৰে চেনাইটি । 

আচিনায়াং মানে হ’ল বুকুৰে মৰম 

তুমি যদি বুজি পোৱা মোৰে চেনাইটি ।   

ঐনিতম এটি হৈ মোৰ কনেং ঐ 

বাজি থাকিবা তুমি মোৰ বুকুত ঐ । 

পাহৰিব নোৱাৰিম মই সঁচাকৈ 

ৰাগি আপংৰ লাগিছে যে বেয়াকৈ ।

অ’ অ’ অ’ ... 


ঐনিতম এটি হৈ মোৰ কনেং ঐ 

বাজি থাকিবা তুমি মোৰ বুকুত ঐ । 

পাহৰিব নোৱাৰিম মই সঁচাকৈ 

ৰাগি আপংৰ লাগিছে যে বেয়াকৈ । 

মৰমৰ চিলনী সাঁতুৰ দিবলে 

আহিবা চেনাই ঐ মোৰে লগতে । 

 

আচিনায়াং মানে কি অ’ মৰমী 

আচিনায়াং মানে হ’ল বুকুৰে মৰম 

তুমি যদি বুজি পোৱা মোৰে চেনাইটি । 

 

আইপ’ মেনাং মানে কি অ’ মৰমী 

আইপ’ মেনাং মানে হ’ল 

তোমাকে ভাল পাওঁ 

লুইতেদি উজায়ে মই তোমালৈয়ে যাওঁ । 


Watch the video...



Post a Comment

0 Comments