Album: Pakhi
Singer: Zubin Garg
Music: Zubin Garg
Xikoli Singi Tumi Jaba Kenekoi
শিকলি চিঙি তুমি যাবা কেনেকৈ?
আজি মোক পাহৰি
মৰমৰ এনাজৰী এনেকৈ আজোঁৰি
কেনি যোৱা আতৰি?
মই তৰা আকাশৰ, মই পৰী সপোনৰ
নাহিবা কাষলে নুচুবা মোক৷
জোন-বেলি একাকাৰ মোৰ এই ৰূপতেই
সময়ো যে থমকি চাই মাথো মোৰ৷
অভিমানী
চুব খুঁজিলেই নিজে হেৰুৱাব
চাব খুজিলেই এন্ধাৰ দেখিব
সপোনহে মাথো নহওঁ দিঠক মই
বুজি পোৱা যদি পোৱা৷
আলসোৱা মন নোৱাৰা বান্ধিব
সজা ভাঙি থৈ উৰিব খুজিব
সময় থাকোতেই দুচকু মোহাৰি
সাৰ পোৱা যদি পোৱা৷
অভিমানী প্ৰিয়া মোৰ, নুশুনো নুবুজো মই
তোমাৰ তৰা চকু, আশা মোৰ তিৰেবিৰাই
শিকলি চিঙি তুমি যাব নোৱাৰা
আজি মোক পাহৰি
অভিমানী
এদিন দুদিনকৈ বছৰ বহু গ’ল
এপল দুপলকৈ সময় গলি গ’ল
তোমাৰ আশাতেই হৃদয় জলি ৰ’ল
নুবুজিলা মোৰ বেথা৷
এতিয়া আহিছা আকৌ কাষলৈ
পাহৰা সপোনক জীৱন দিবলৈ
চকুত পোহৰ সিঁচি এন্ধাৰ হ’বলৈ
ক’ত পালা অধিকাৰ কোৱা?
অভিমানী প্ৰিয়া মোৰ, একেদৰেই আছো মই
আহিব আকৌ ঘুৰি জোনাক নিবিৰ প্ৰণয়৷
শিকলি চিঙি তুমি যাবা কেনেকৈ?
আজি মোক পাহৰি
মৰমৰ এনাজৰী এনেকৈ আজোঁৰি
কেনি যোৱা আতৰি?
তুমি মোৰ আবেলি, হাইতাৰ হেঙুলী
কৰিলাহি ৰাঙলী, হিয়া মোৰ এধানি৷
সকলো পাহৰি, নতুনক আদৰি
খোজ দিওঁ আমি অতীতক গচকি৷
0 Comments