Bilot Tirebirai lyrics (বিলত তিৰেবিৰায়) II Bauli Kavi Kamalananda Bhattacharyya II Zubeen Garg

 

Song – Bilot Tireberai Padumar Pahi Oi.

Lyrics – Bauli Kavi Kamalananda Bhattacharyya.

Singer – Zubeen Garg.

বিলত তিৰেবিৰায় পদুমৰ পাহি ঐ

বিলত তিৰেবিৰায় পদুমৰ পাহি ঐ
পাতত তিৰেবিৰায় পানী
ৰ’দত তিৰেবিৰায় জীয়াৰে পাখি ঐ
ফুলনিত ফুলৰে ৰানী
বিলত তিৰেবিৰায়া পদুমৰ পাহি ঐ

পাতত তিৰেবিৰায় পানী

ৰ’দত তিৰেবিৰায় জীয়াৰে পাখি ঐ
ফুলনিত ফুলৰে ৰানী
এন্ধাৰত জিলিকে জোনাকী পৰুৱা
আকাশত জিলিকে জোন
এন্ধাৰত জিলিকে জোনাকী পৰুৱা
আকাশত জিলিকে জোন
ক’লাকৈ ডাৱৰত বিজুলি জিলিকে
হিয়াত মোৰ জিলিকে কোন

ক’লাকৈ ডাৱৰত বিজুলি জিলিকে
হিয়াত মোৰ জিলিকে কোন
বিলত তিৰেবিৰায় পদুমৰ পাহি ঐ

পাতত তিৰেবিৰায় পানী



ৰ’দত তিৰেবিৰায় জীয়াৰে পাখি ঐ
ফুলনিত ফুলৰে ৰানী
কলিজাত জিকুৰা জ্বলে ঐ জীৱা জুই
জিলিকে তাতো ঐ কেচা সোন
কলিজাত জিকুৰা জ্বলে ঐ জীয়া জুই
জিলিকে তাতো ঐ কেচা সোন
হ’বনে এনেইদিন বাজিব ভগা বিন
হিয়াত মোৰ জ্বলিব পুৰ্নিমাৰ জোন
মোৰ হ’বনে এনেইদিন বাজিব ভগা বিন
হিয়াত মোৰ জ্বলিব পুৰ্নিমাৰ জোন

বিলত তিৰেবিৰায় পদুমৰ পাহি ঐ
পাতত তিৰেবিৰায় পানী
ৰ’দত তিৰেবিৰায় জীয়াৰে পাখি ঐ
ফুলনিত ফুলৰে ৰানী


Post a Comment

0 Comments