Bhorir Toluar Pora Lyrics in Assamese II ভৰিৰ তলুৱাৰ পৰা II Jayanta Hazarika

Bharir Toluar Pora Lyrics in Assamese II ভৰিৰ তলুৱাৰ পৰা II Jayanta Hazarika

 

ভৰিৰ তলুৱাৰ পৰা

ভৰিৰ তলুৱাৰ পৰা
যদি ধৰাখন
খহি পৰা যেন লাগে

তিল তিল কৈ যদি
নিজৰেই ঘৰখন
কাৰোবাৰ দোষতে ভাগে
পুনৰ গঢ়িবা তুমিহে বান্ধ' পুনৰ গঢ়িবা তুমি ৷

যদি পৰিয়ালে তোমাক সঙ্গ এৰে
তুমি অকলশৰীয়া হোৱা

যদি সৎ কাম কৰি কৰি
সংসাৰ সজালেও
অপযশ পদে পদে পোৱা
পুনৰ সজাবা তুমি হে বান্ধ' পুনৰ সজাবা তুমি ৷

শান্তিক কৰি লোৱা তোমাৰ গৃহিণী
ধৈৰ্য্য হ'ব লাগে পিতৃ
দয়া হ'ব লাগে মৰমী ভগিনী.

ক্ষমা হ'ব লাগে ভাতৃ
আশা হ'ব লাগে তোমাৰ সহোদৰ
সংগ্রাম হ'ব গৈ মাতৃ ৷

যদি বিছনাৰ অভাৱত
আকাশৰ তলতে
বাগৰি পৰিব লাগে

যদি পোছাকৰ অভাৱত
সময়ৰ ৰঙকে
মেৰিয়াই ল'বই লাগে
তাকেই কৰিবা তুমি হাঁহিমুখে
তাকেই কৰিবা তুমি।।


Post a Comment

0 Comments