আমাৰে সখিয়া আকুল বিয়াকুলে
আমাৰে সখিয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই
অ’ সপোনৰ হাঁহিটি চাই
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই
অ’ মতলীয়া সখী খাই ।
দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই
ফাগুনৰ বতাহে গাতে ছাটি মাৰে
গাতে ছাটি মাৰি যায়
অ’ গাতে ছাটি মাৰি যায় ।
চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
অ’ গাতে উৱাদিহে নাই ।
আমাৰে সখিয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই
অ’ সপোনৰ হাঁহিটি চাই
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই
অ’ মতলীয়া সখী খাই ।
0 Comments