Ahe Ba Nahe Ghumoti Lyrics in Assamese II আহে বা নাহে ঘুমতি II Zubin

Ahe Ba Nahe Ghumoti Lyrics in Assamese II আহে বা নাহে ঘুমতি II Zubin

এলবাম : পাখি (2000)

কণ্ঠ : জুবিন গাৰ্গ

সংগীত : জুবিন গাৰ্গ

কথা : দিগন্ত ভাৰতী

 

আহে বা নাহে ঘুমতি

আহে বা নাহে ঘুমতি

আহিবা ৰাতি সপোনকে লৈ

সপোনকে লৈ

থাকে বা নাথাকে শাওণৰে ঢল 

তুমি মৰমৰে নৈ, মৰমৰে নৈ

দুপাখি মেলি সমীৰে আহি

দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ 

তুমি ৰোৱা যেন মোলৈ

আহে বা নাহে ঘুমতি

আহিবা ৰাতি সপোনকে লৈ

সপোনকে লৈ


চুৱে বা নুচুৱে নিয়ৰে

শেৱালি পাহিতি শৰতে শৰতে

চুৱে বা নুচুৱে নিয়ৰে

শেৱালি পাহিতি শৰতে শৰতে

নাচে বা নানাচে জোনাকী হৈ

তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ

আহে বা নাহে ঘুমতি

আহিবা ৰাতি সপোনকে লৈ

সপোনকে লৈ


জোৰে বা নোজোৰে বান্ধি লঁও

কিনো মৰমৰে এনাজৰিকে পাঁও

জোৰে বা নোজোৰে বান্ধি লঁও

কিনো মৰমৰে এনাজৰিকে পাঁও

বহে বা নবহে ফুলতে গৈ

ৰঙিলী পখিলি তুমি ৰঙৰে চৈ


আহে বা নাহে ঘুমতি

আহিবা ৰাতি সপোনকে লৈ

সপোনকে লৈথাকে বা নাথাকে শাওণৰে ঢল 

তুমি মৰমৰে নৈ, মৰমৰে নৈ

দুপাখি মেলি সমীৰে আহি

দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ 

তুমি ৰোৱা যেন মোলৈ

আহে বা নাহে ঘুমতি

আহিবা ৰাতি সপোনকে লৈ

সপোনকে লৈ


Post a Comment

0 Comments