আগলতি কলাপাত লৰে কি চৰে
আগলতি কলাপাত লৰে কি চৰে
চিলনী আই তোৰ আগতে পৰে
ফাগুনী আই, আইতো নাই
আগলি পাততে কাউৰী পৰে
আগলি পাততে কাউৰী পৰে ।
চিলনী আই তোৰ আগতে পৰে
ফাগুনী আই, আইতো নাই
আগলি পাততে কাউৰী পৰে
আগলি পাততে কাউৰী পৰে ।
নেখাবি নেখাবি অজাতি কাউৰী
নেখাবি নেখাবি অজাতি কাউৰী
কলিজাই আমনি কৰে
নেবান্ধ নেবান্ধ মুকলি চুলি
নেখাবি নেখাবি অজাতি কাউৰী
কলিজাই আমনি কৰে
নেবান্ধ নেবান্ধ মুকলি চুলি
নিপিন্ধ নিপিন্ধ সোণৰ কাণ-ফুলি ।
বুকু তোৰ হম্ হম্ কিয়নো কৰে
মনে তোৰ অমঙ্গল কিয়নো ধৰে
আগলতি কলাপাত লৰে কি চৰে ।
মনে তোৰ অমঙ্গল কিয়নো ধৰে
আগলতি কলাপাত লৰে কি চৰে ।
বন্ধ সজাতে তোৰ
আয়েৰক মনতে পৰে
আই তোক, আয়েৰক মনতে পৰে
এধানি হিয়াতে তোৰ
দুখী যে উচুপি পৰে
আই তোৰ দুখী যে উচ্চলি পৰে
আই তোৰ দুখী যে উচ্চলি পৰে ।
আয়েৰক মনতে পৰে
আই তোক, আয়েৰক মনতে পৰে
এধানি হিয়াতে তোৰ
দুখী যে উচুপি পৰে
আই তোৰ দুখী যে উচ্চলি পৰে
আই তোৰ দুখী যে উচ্চলি পৰে ।
0 Comments