O` Thunuka Kasghar lyrics in Assamese II অ’ থুনুকা কাঁচঘৰ II Dr. Bhupen Hazarika

 

Song: O Thunuka Kasghar
Singer: Dr. Bhupen hazarika

অ’ থুনুকা কাঁচঘৰ
অ’ থুনুকা কাঁচঘৰ
তই বান্ধিবি কিমান
মোৰ মন পখীক
সীমাৰ পৰিধি টানি ।
সৌ অসীম আকাশ
মোৰেই বাবে বাট চাই আছে
কামনাৰ ৰহন সানি।।
অ’ থুনুকা কাঁচঘৰ

জানো মৰণ-জীৱন একেটি নদীৰ
দুপাৰৰে দুটি ঘাট
শুনো মৰণ হেনো শ্যাম সমান
নিতে বাঁহী বায় তাত
তথাপি কিয় ছবি আঁকি যাওঁ
জীৱন লালসাৰ
তথাপি কিয় মোৰ মানসত
বোৱতী সুঁতিৰ ধাৰ
য’ত জিলমিলিয়া পানী।।
য’ত জিলমিলিয়া পানী।।
অ’ থুনুকা কাঁচঘৰ
তই বান্ধিবি কিমান
মোৰ মন পখীক
সীমাৰ পৰিধি টানি ।

অ’ কাঁচঘৰ মই যে তোৰেই
অতিথি ক্ষণিকৰ
দেশে বিদেশে মন গতি মোৰ
হয় যে ক্ষীপ্ৰতৰ
তইতো নোৱাৰ পখীক বান্ধিব
জীয়া সাগৰ পাৰত
কাঁচৰ শিকলি আনি।
সৌ অসীম আকাশ
মোৰেই বাবে বাট চাই আছে
কামনাৰ ৰহন সানি।।
অ’ থুনুকা কাঁচঘৰ
তই বান্ধিবি কিমান
মোৰ মন পখীক
সীমাৰ পৰিধি টানি
অ’ থুনুকা কাঁচঘৰ...
অ’ থুনুকা কাঁচঘৰ...
অ’ থুনুকা কাঁচঘৰ...

Post a Comment

0 Comments