Ai Deure Bulonite lyrics in Assamese ll Jyoti Sangeet II আইদেউৰে বুলনিতে

Ai Deure Bulonite lyrics in Assamese ll Jyoti Sangeet II আইদেউৰে বুলনিতে

 

শ্ৰেণী : জ্যোতি সংগীত

কণ্ঠ : সংগীতা বৰঠাকুৰ

সংগীত : ৰমেন চৌধুৰী

সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা

কথা : জ্যোতিপ্ৰসাদ আগৰৱালা

 

আইদেউৰে বুলনিতে

আইদেউৰে বুলনিতে

পোহৰৰে ধেমালি

আইদেউৰে বুলনিতে

পোহৰৰে ধেমালি

ন চানেকিয়ে জিকেমিকাই

ন চানেকিয়ে জিকেমিকাই

ন চানেকিয়ে জিকেমিকাই

ন চানেকিয়ে জিকেমিকাই


জোনাকী বাটেদি চিত্ৰলেখিয়ে

ন জীৱনৰে ফুলে ফুলায়

ন জীৱনৰে ফুলে ফুলায়

 

আইদেউৰে বুলনিতে

পোহৰৰে ধেমালি,

পোহৰৰে ধেমালি ।




আইদেউৰে যঁতৰতে

সুৰে গুনগুনালে

আইদেউৰে যঁতৰতে

সুৰে গুনগুনালে

আইদেউয়ে মিচিকিয়াই

মিচিকি মিচিকিয়াই

আইদেউয়ে মিচিকিয়াই

মিচিকি মিচিকিয়াই

আইদেউৰে বুলনিতে

পোহৰৰে ধেমালি,

পোহৰৰে ধেমালি ।


সুৰতে কঁপিছে কি নো ন বতৰা

জ্বলে মনে তৰা

আইদেউৰে বুকু কঁপায়

সুৰতে কঁপিছে কি নো ন বতৰা

জ্বলে মনে তৰা

আইদেউৰে বুকু কঁপায়

আইদেউৰে বুকু কঁপায়

আইদেউৰে বুলনিতে

পোহৰৰে ধেমালি

আইদেউৰে বুলনিতে

পোহৰৰে ধেমালি

ন চানেকিয়ে জিকেমিকাই

ন চানেকিয়ে জিকেমিকাই

ন চানেকিয়ে জিকেমিকাই

ন চানেকিয়ে জিকেমিকাই


জোনাকী বাটেদি চিত্ৰলেখিয়ে

ন জীৱনৰে ফুলে ফুলায়

ন জীৱনৰে ফুলে ফুলায়

আইদেউৰে বুলনিতে

পোহৰৰে ধেমালি

আইদেউৰে বুলনিতে

পোহৰৰে ধেমালি

আইদেউৰে বুলনিতে

পোহৰৰে ধেমালি ।।

Post a Comment

0 Comments