Xunere Xojua Poja Lyrics in Assamese II সোণেৰে সজোৱা পজা জহি খহি যায় II Jubin Garg

 

সোণেৰে সজোৱা পজা

সোণেৰে সজোৱা পজা
জহি খহি যায়
কোণে আহি সাজিবহি
পাৰিব দুনাই.....
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোণে আহি সাজিবহি
পাৰিব দুনাই......
এধানী এধানী কৈ



মেদিনী হেৰাই
সাতোৰঙী ৰামধেনু
ডাৱৰত লুকাই
কোনেও নুবুজে কাকো
নিজকে ধিয়াই
সোণেৰে সজোৱা পজা
জহি খহি যায়
কোণে আজি সাজিবহি
পাৰিব দুনাই.......
বুঢ়ী আইৰ জুহালতে
চকুলো শুকাই


দেউতাৰো একে দশা
পদুলিলৈ চায়
বহুদিন হ'ল
সৰুবোপাৰ মুখ দেখা নাই
চেনেহীৰ আকাশত আজি
জোন তৰা নাই
হালৰ গৰু গোহালিতে
পথাৰো শুকাই
ৰাতি হ'লেই গুলিৰ শব্দই
ৰজন্ জনাই........
সোণেৰে সজোৱা পজা
জহি খহি যায়


কোণে আহি সাজিবহি
পাৰিব দুনাই..........
সোণেৰে সজোৱা পজা
জহি খহি যায়


কোণে আজি সাজিবহি
পাৰিব দুনাই.......
স্বাধীনতাৰ বুজ লওঁতেই
এশ বছৰ গ'ল


বিষ্ণু জ্যোতিৰ
জোনাকীৰ দেশ
এতিয়াও নহ'ল
মানৱৰ মাজতে আজি
দানৱৰ হুংকাৰ
পঢ়া শুনা সংস্কৃতি
সকলো অশাৰ
এইয়া জানো সপোন আছিল
কুৰি শতিকাৰ
সকলোতে মাথো প্ৰশ্ন অনিয়ম অনাচাৰ


সোণেৰে সজোৱা পজা
জহি খহি যায়

কোণে আহি সাজিবহি

পাৰিব দুনাই.......

সোণেৰে সজোৱা পজা
জহি খহি যায়


কোণে আহি সাজিবহি
পাৰিব দুনাই.........

Post a Comment

0 Comments