Xagor Xongomot Lyrics in Assamese II Xagor Xongomot Lyrics II সাগৰ সংগমত II Dr. Bhupen Hazarika

 

Xagor Xongomot Lyrics in Assamese II Xagor Xongomot Lyrics II সাগৰ সংগমত II Dr. Bhupen Hazarika
 

সাগৰ সংগমত

সাগৰ সংগমত , কতনা সাঁতুৰিলোঁ
তথাপিতো হোৱা নাই ক্লান্ত
সাগৰ সংগমত, সাগৰ সংগমত
সাগৰ সংগমত , কতনা সাঁতুৰিলোঁ
তথাপিতো হোৱা নাই ক্লান্ত
তথাপিতো মনৰ মোৰ প্রশান্ত সাগৰৰ
উৰ্মিমালা অশান্ত।।

মনৰ প্রশান্ত সাগৰৰ বক্ষত
জোৱাৰৰ নাই আজি অন্ত
অজস্ৰ লহৰে নৱ নৱ গতিৰে
আনি দিয়ে আশা অফুৰন্ত
সাগৰ সংগমত...

প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ
শান্তি আজি আক্ৰান্ত
নৱ নৱ সৃষ্টিক দৈত্য দানৱে কৰে
নিষ্ঠুৰাগাত অবিশ্ৰাত্ন।
সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ
উৰ্মিমালা অশান্ত
সাগৰ সংগমত...

ধ্বংসই  আঘাতক দিছে আজি সংঘাত
সৃষ্টিৰ সেনানি অনন্ত
সেই সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰৰ প্ৰগতিৰ নতুন দিগন্ত
সেয়েহে মনৰ মোৰ প্রশান্ত সাগৰৰ
উৰ্মিমালা অশান্ত
সাগৰ সংগমত...
গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে
ধ্বংসক কৰে দিগভ্ৰান্ত
অগনন মানৱৰ শান্তিৰ সমদল
সৃষ্টিকামী জীৱন্ত
সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ
উৰ্মিমালা অশান্ত
সাগৰ সংগমত, সাগৰ সংগমত
কতনা সাঁতুৰিলোঁ
তথাপিতো হোৱা নাই ক্লান্ত...


Post a Comment

0 Comments