O Bidexi Bondhu lyrics in Assamese II অ' বিদেশী বন্ধু II Dr. Bhupen Hazarika

 

অ' বিদেশী বন্ধু

অ' বিদেশী বন্ধু! দুৰ্ভগীয়া!
আজি কিয়নো বন্ধু! অকলশৰীয়া!
প্ৰতিধ্বনি শুনো কান্দোনৰ ।

 

প্ৰেমৰ সাগৰে জাহাজ মেলিলি
নাপালি কোনো বন্দৰ;
সৰু চাকনৈয়াতে বন্দী হ'লি
হেৰুৱালি তোৰ লঙ্গৰ ।

 

চিৰ সেউজতে চামেলি দেখিলি
অতি মনোমুগ্ধকৰ;
লিৰিকি বিদাৰি সুগন্ধি লওঁতেই
চামেলি হ'লগৈ পৰ ।
অ' বিদেশী বন্ধু...




Post a Comment

0 Comments