Bistirno Parore Lyrics in Assamese II বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে II Dr. Bhupen Hazarika II

Bistirno Parore Lyrics in Assamese II বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে II Dr. Bhupen Hazarika II

 বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে

 বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
হাঁহাকাৰ শুনিও
নিঃ শব্দে নিৰৱে
বুঢ়া লুইত তুমি,
বুঢ়া লুইত বোৱা কিয় ?....

বিস্তীর্ণ পাৰৰে
অসংখ্য জনৰে
হাঁহাকাৰ শুনিও
নিঃ শব্দে নিৰৱে
বুঢ়া লুইত তুমি,
বুঢ়া লুইত বোৱা কিয় ?....

নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ্জ অলসভাবে বোৱা কিয় ?....

জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেতৃবিহীনতাত নিমাত কিয় ?...
সহস্ৰ বাৰিষাৰ
উন্মাদনৰ
অভিজ্ঞতাৰে
পংগু মানৱক
সবল সংগ্ৰামী,
আৰু অগ্ৰগামী
কৰি নোতোলা কিয় ?..

ব্যক্তি যদি ব্যক্তিকেন্দ্ৰীক
সমষ্টি যদি ব্যক্তিত্বৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয় ?...

তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ
সেই পিতৃত্ব তেনে নামমাত্ৰ
নহ'লে প্ৰেৰণা নিদিয়া কিয় ?.....
উন্মোক্ত ধৰাৰে কুৰু ক্ষেত্ৰৰে
শৰ শয্যাতে আলিংগন কৰা
ভীষ্মৰূপী অজস্ৰ বীৰক
জগাই নোতোলা কিয় ?.....
বিস্তীর্ণ পাৰৰে
অসংখ্য জনৰে
হাঁহাকাৰ শুনিও
নিঃ শব্দে নিৰৱে
বুঢ়া লুইত তুমি,
বুঢ়া লুইত বোৱা কিয়?...

বিস্তীর্ণ পাৰৰে
অসংখ্য জনেৰে
হাঁহাকাৰ শুনিও
নিঃ শব্দে নিৰৱে
বুঢ়া লুইত তুমি,
বুঢ়া লুইত বোৱা কিয়?.....

 

Post a Comment

0 Comments