Anamika Bidai Tumak Jonau Bidai Lyrics in Assamese ll Anamika Bidai Tumak Jonau Bidai Lyrics II অনামিকা বিদায়, তোমাক জনাওঁ বিদায় II Dr. Bhupen Hazarika

 

Anamika Bidai Tumak Jonau Bidai Lyrics in Assamese ll Anamika Bidai Tumak Jonau Bidai Lyrics  II অনামিকা বিদায়, তোমাক জনাওঁ বিদায় II Dr. Bhupen Hazarika

অনামিকা বিদায়, তোমাক জনাওঁ বিদায়

 অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,
অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,
মিঠা সপোনৰ বিলাস ঘৰ,
মিঠা সপোনৰ বিলাস ঘৰ,
তোমাক লৈয়েই গঢ়াৰ সময় যে নাই,
অনামিকা বিদায়, তোমাক জনাওঁ বিদায় ।

আহত আকাশ ক’তো নাই সুখ,
হতাশাত ভাগি পৰা মানুহৰ মুখ;
আহত আকাশ ক’তো নাই সুখ
হতাশাত ভাগি পৰা মানুহৰ মুখ...
মনৰ চেতাৰ কোনো শুনোতা যে নাই
মনৰ চেতাৰ কোনো শুনোতা যে নাই...
অনামিকা বিদায়, তোমাক জনাওঁ বিদায় ।

জোন ডুবি গ’ল আজি আঁউসী ৰাতি,
ধুমুহাত সৰি গ’ল ফুল ;
জোন ডুবি গ’ল আজি আঁউসী ৰাতি,
ধুমুহাত সৰি গ’ল ফুল ;
প্ৰেমৰ কবিতা বাৰু কিদৰে লিখো,
প্ৰেমৰ কবিতা বাৰু কিদৰে লিখো,
সকলোতে হৈ যায় ভুল ।
শেৱালি সুবাস লৈ নাহে যে বতাহ,
আহিও উভতি যায় কাল ধুমুহা;
শেৱালি সুবাশ লৈ নাহে যে বতাহ,
আহিও উভতি যায় কাল ধুমুহা;
দুৰণিত ফেকুৰিছে নিঠুৰ চানাই,
দুৰণিত ফেকুৰিছে নিঠুৰ চানাই,.....
অনামিকা বিদায়, তোমাক জনাওঁ বিদায় ।
অনামিকা বিদায়, তোমাক জনাওঁ বিদায়,
মিঠা সপোনৰ বিলাস ঘৰ,
মিঠা সপোনৰ বিলাস ঘৰ,
তোমাকে লৈয়েই গঢ়াৰ সময় যে নাই,
অনামিকা বিদায়, তোমাক জনাওঁ বিদায় ।
অনামিকা বিদায়, তোমাক জনাওঁ বিদায় .....


Post a Comment

0 Comments