পৰজনমৰ শুভলগনত
পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা
এই জনমৰ কুসুম মালা, যতনে তুমি গাঁঠি ৰাখিলা
এই জনমৰ কুসুম মালা, যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
শুন্য মোৰ বুকু হ’ল যে উকা ।
পৰজনমৰ শুভ লগনত ...
এই জীৱনৰ আঁউসী ৰাতি, চকুলো টুকি যায়যে কাটি
কাহানিও সুখৰ ৰূপহী জোনায়, হৃদয়তে জিলিকনি নিবিলায়
এই জনমৰ গোপন কথা,
এই জনমৰ গোপন কথা,
গুপুতে থাকি, দিয়েযে বেথা ।
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াতে অঁকা ।
পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা ।
পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা ।
পৰজনমৰ শুভ লগনত ...
0 Comments