জানিলো জানিলো যে মই
জানিলো জানিলো যে মই
তুমি একো নোকোৱাকে
জানিলো জানিলো যে মই
তুমি একো নোকোৱাকে
কি আছিলে লুকাই
তোমাৰ হিয়াৰ মাজত
অ` কি আছিলে লুকাই
তোমাৰ হিয়াৰ মাজত
তুমিও যে বিচাৰা মোক
নক`লেও বুজি পাওঁ
কি বুজাৱ খুজিছা মোক
পালো বিচাৰি মই তোমাক
ল’লো সাৱটি মোৰ হিয়াত
কিমান আৰু মনৰ কথা
ৰাখিম ওঠত সামৰি
ময়েই তোমাৰ হিয়াৰ লগৰি
পোৱা নাই জানো চিনি
কিমান আৰু মনৰ কথা
ৰাখিম ওঠত সামৰি
ময়েই তোমাৰ হিয়াৰ লগৰি
পোৱা নাই জানো চিনি
কি ভাৱনা কিনো সপোন
দিলা জগাই আহি তুমি
ক`তো নাপাও বিচাৰি সুখ
উৰনিয়া মোৰ মন আজি
পালো বিচাৰি মই তোমাক
ললো সাৱটি মোৰ হিয়াত
নাযায় নাযায় লাগে সময়
তুমি কাষত নহ`লে
খোজে খোজে এতিয়া মই
বিচাৰো তোমাক কাষতে
নাযায় নাযায় লাগে সময়
তুমি কাষত নহ`লে
খোজে খোজে এতিয়া মই
বিচাৰো তোমাক কাষতে
এই সময় থমকি ৰওক
ইয়াতেই যেন সদায়
থাকা ৰৈ কাষতে মোৰ
মৰমৰ সুৱাস বিলাই
জানিলো জানিলো যে মই
তুমি একো নোকোৱাকে
জানিলো জানিলো যে মই
তুমি একো নোকোৱাকে
কি আছিলে লুকাই
তোমাৰ হিয়াৰ মাজত
অ` কি আছিলে লুকাই
তোমাৰ হিয়াৰ মাজত
গোপনে গোপনে
তুমিও যে বিচাৰা মোক
নক`লেও বুজি পাওঁ
কি বুজাৱ খুজিছা মোক
পালো বিচাৰি মই তোমাক
ললো সাৱটি মোৰ হিয়াত
Video...
0 Comments