KOHUA BON MUR OXANTO MON lyrics in Assamese II কঁহুৱা বন মোৰ অশান্ত মন II ভূপেন হাজৰিকা

 

Title: কঁহুৱা বন মোৰ অশান্ত মন

Artist: ভূপেন হাজৰিকা

কঁহুৱা বন মোৰ অশান্ত মন

 কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি।
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি
কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি।

নীলা আকাশৰ একোটি তৰা
হঠাতে খহি সাৱটে ধৰা
ঘিট্ মিট্ এন্ধাৰৰ নিমাত ৰাতি।
নীলা আকাশৰ একোটি তৰা
হঠাতে খহি সাৱটে ধৰা
ঘিট্ মিট্ এন্ধাৰৰ নিমাত ৰাতি।
এটি এটি ক্ষণ যেন এটি এটি পণ
এনেই হেৰুৱালে নাহে উভতি ।
কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি।

পুৱতি নিশাৰ সপোন দেখি
দেখিও নেদেখিলোঁ সেই ক্ষণটি
পুৱতি নিশাৰ সপোন দেখি
দেখিও নেদেখিলোঁ সেই ক্ষণটি
অনন্ত সময়ৰ সাগৰখনিৰ
অনন্ত সময়ৰ সাগৰখনিৰ
চঞ্চল কোলাহলে ভাঙে ঘুমটি।
অ’ বলিয়া মন কিয় উচাটন ?
কালিৰ সূৰুযে আনি দিব পুৱাটি।
কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি।
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি...!
আ.. আ.. আ.. আ.. আ.. আ..
হুম হুম হুম......




Post a Comment

0 Comments