NILANJANA lyrics in Assamese II Shankuraj Konwar II Maitrayee Patar

 

NILANJANA lyrics in Assamese II Shankuraj Konwar II Maitrayee Patar

Artist: Sankuraj Konwar

                                                                        Nilanjana

 কল্পনা মোৰ কল্পনাৰ তুমি আকাৰ
আল্পনাতে, আল্পনাত তুমি সাকাৰ
দুৰ্বল ৰাতি মোৰ সাহসী হ'ল
পিয়াসী তৰাৰ স'তে সাৰথী হ'ল আকাশীগংগা
নিৰ্মল পৰশৰ মায়াজালত
গলি যোৱা দুটি দেহৰে ডালত ৰজনীগন্ধা

আঁকো অংগে অংগে পৰিসীমা
আৰু ছন্দে ছন্দে ভংগীমা
কিনো লয়লাসে দিলে আনি বাসনা
জ্বলে কামনাৰে অগনি প্ৰিয়তমা
তুমি দূৰে দূৰে  ৰ'লে কিয় মায়া হোৱা
আৰু কাষৰতে পালে কিয় ছায়া হোৱা
যদি সাতোৰঙী ৰামধেনু হব খোজা
জানি থবা প্ৰিয় ৰং মোৰ ভালপোৱা

উন্মনা এই উন্মনা এই লগন
বাঞ্চনা মোৰ বাঞ্চনাৰে প্ৰহৰ
স্পৰ্শত বিয়পিছে ৰাঙলী ৰং
জ্বলে অনু-পৰমানু আজি প্ৰিয়,
ফিৰিঙতি হৈ
সঁপি দিলোঁ শব্দৰ ব্যঞ্জনা
উটি গ'লোঁ তৃপ্তিৰ মোহনাত,
দুয়ো নদী হৈ

কিনো শক্তিৰে আজি মোক বান্ধিলা
দিলা মুক্তিৰে মৌসনা ঠিকনা
নেলাগে মোক সাতোৰঙী ৰামধেনু
দিয়া ঢালি দিয়া মাথোঁ নীলা ৰং,
নীলাঞ্জনা..



Post a Comment

0 Comments