Bohudin Bokular Gundh Puwa Nai (বহুদিন বকুলৰ গোন্ধ পোৱা নাই) II Birendra Nath Dutta

Bohudin Bokular Gundh Puwa Nai (বহুদিন বকুলৰ গোন্ধ পোৱা নাই) II Birendra Nath Dutta

Song: Bohudin Bokulor Gundho (বহুদিন বকুলৰ গোন্ধ)
Singer: Birendra Nath Dutta
Musician: Birendra Nath Dutta
Lyrics: Tafajjul Ali

বহুদিন বকুলৰ গোন্ধ পোৱা নাই
 
বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই
বকুল তলত বহি
বহুদিন বালিঘৰ
বহুদিন বকুলৰ গোন্ধ পোৱা নাই
বহুদিন বকুলৰ মালা গঁথা নাই
বকুলৰ কথা ক’লে
বহুতো চিনাকি মুখ
চকুৰ আগেদি ভাহি যায়...
বকুলৰ কথা ক’লে
বহুতো চিনাকি মুখ
চকুৰ আগেদি ভাহি যায়...
বহুতো পাহৰা গান
বহু মান অভিমান
বকুলে দিয়ে সোঁৱৰাই
আজি ছাঁ ছবি যেন
চকুত উজলি মোৰ
আজি ছাঁ ছবি যেন
চকুত উজলি মোৰ
থিতাতে লুকায় ...
বহুদিন বকুলৰ মালা গঁথা নাই...
এমুঠি বকুল ফুল
আঙুলি ফাঁকেৰে মোৰ
সৰি সৰি গ’ল
বকুলে আতুল কৰা
দিনৰ সুৰভি মোৰ
মাথোঁ সোঁৱৰণী হৈয়ে ৰ’ল ...
কেতিয়াবা নিজানত
নিজৰি নিজৰি সেয়ে
কেতিয়াবা নিজানত
নিজৰি নিজৰি সেয়ে
মন কোমলায়...
বহুদিন বকুলৰ মালা গঁথা নাই
বকুল তলত বহি
সজা হোৱা নাই

Post a Comment

0 Comments