Song: Bogoli Boga Phut Di Ja
Original Singer: Dr Birendranath Dutta
Composer: Dr Birendranath Dutta
Lyrics: Nabakanta Barua
বগলী ,বগা ফোট দি যা
বগলী ,বগা ফোট দি যা
বগলী এ বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী ,বগা ফোট দি যা
ৰঙা ফোট নেলাগে সেন্দূ ৰৰ
ক’লা ফোট নেলাগে এন্ধাৰৰ
দি যা শুকুলা ফোট
গোসাঁইৰে কপালৰ চন্দন পোহৰৰ ফোট
অ’ দি যা শুকুলা ফোট ।
বগলী এ বগা ফোট দি যা ,
বগা ফোট দি যা
বগা ফোট দি যা
বগলী এ বগা ফোট দি যা ,
বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা
পূৱাৰে বেলিয়ে আকাশৰ কপালত
সোণোৱালী ফোট দিলে
ৰাতিৰ হাতীপটি আকাশৰ সেওঁতাত
ৰূপালী ৰেখা আঁকিলে
পূৱাৰে বেলিয়ে আকাশৰ কপালত
সোণোৱালী ফোট দিলে
পলাশ মদাৰৰে ৰঙা ফোট পিন্ধালে
জাৰণিৰ কুঁৱৰীজনী
ফুলনিৰ অকণি ভনীয়ে পিন্ধালে
পখৰা চিখৰা মণি
বগলী এ বগা ফোট দি যা ,
বগা ফোট দি যা
বগা ফোট দি যা
বগলী এ বগা ফোট দি যা ,
বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা
সৰিলে শেৱালি শুকালে কঁহুৱা
তগৰেও বুলিলে যাওঁ
তগৰেও বুলিলে যাওঁ
গোসাঁইৰে কপালখনি উকা থাকিবনে
বগা ফোট ক’তেনো পাওঁ
অ’ সেয়েহে বগলী বগী ধকেধকী
আমাৰে কথাটো শুনি যা
শ্যাম বৰণীয়া কপালখন ধুনীয়া
তাতে তই বগা ফোট দিযা
তাতে তই বগা ফোট দিযা
বগলী এ বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা
ৰঙা ফোট নেলাগে সেন্দূ ৰৰ
ক’লা ফোট নেলাগে এন্ধাৰৰ
দি যা শুকুলা ফোট
গোসাঁইৰে কপালৰ চন্দন পোহৰৰ ফোট
অ’ দি যা শুকুলা ফোট ।
0 Comments