Mon Meri Raam Choronehi (মন মেৰি ৰাম চৰণেহি)

Mon Meri Raam Choronehi (মন মেৰি ৰাম চৰণেহি)

শ্ৰেণী:বৰগীত
কথা:শ্ৰীমন্ত শংকৰদেৱ



ৰাগ : ধনশ্ৰী।। তালঃ পৰি।।


ধ্ৰুং : 

মন মেৰি ৰাম চৰণেহি লাগু।

তই দেখনা অন্তক আগু।।


পদ : 

মন আয়ু ক্ষণে ক্ষণে টুটে।।

দেখো প্ৰান কোন দিনে ছুটে

মন কাল অজগৰে গিলে।

জান তিলেক মৰণ মিলে।।

মন নিশ্চয় পতন কায়া।

তই ৰাম ভজ তেজি মায়া।।

ৰে মন ইসব বেষয় ধান্ধা।

কেনে দেখি নেদেখস আন্ধা।।

মন সুখে পাৰ কৈছে নিন্দ।

তই চেতিয়া চিন্ত গোবিন্দ।।

মন জানিয়া শঙ্কৰে কহে।

দেখ ৰাম বিনে গতি নহে।।