Kanair Kamalamukh (কানাইৰ কমলমুখ)
শ্ৰেণী:বৰগীত
কথা:শ্ৰীশ্ৰী মাধৱদেৱ
ৰাগ : ধনশ্ৰী।। একতাল ।।
ধ্ৰুং :
কানাইৰ কমলমুখ পেখিতে নয়ন সুখ
কোটি-ইন্দু জিনি পৰকাশে।
শ্যামল সুন্দৰ বৰ নৱ-নীল জলধৰ
তনু ভাল শোহে পীত বাসে।।
পদ :
আভীৰ বালক সঙ্গে খেলান খেলায় ৰঙ্গে
ৰহিয়া কদম্ব তৰুতলে।
হাঁসি হাঁসি বংশীবায় বঙ্কিম নয়নে চায়
কদম্বেৰ মালা লুলে গলে।।
অৰুণ চৰণ মাজে মঞ্জীৰ ঝণকে বাজে
সাজে কোটি মনমথ জিনি।
যমুনা পুলিন বনে ধায়া ধায়া ৰঙ্গ মনে
গেণ্ডুৱা খেলায় যদুমণি।।
তেজিয়া বৈকুণ্ঠ সুখ লীলায়ে গোপেৰ ৰূপ
ধৰি হৰি গোধন চৰায়।
ভকতবত্সল দেৱ নাহি হৰি সম কেৱ
মাধৱ দীন গুণ গায়।।
0 Comments