Gopale Ki Goti Koile (গোপালে কি গতি কৈলে)

Gopale Ki Goti Koile (গোপালে কি গতি কৈলে)

শ্ৰেণী:বৰগীত
কথা:শ্ৰীমন্ত শংকৰদেৱ


ৰাগ : শ্ৰী ।। একতাল ।।


ধ্ৰুং :

গোপালে কি গতি কৈলে,

গোবিন্দে কি মতি দিলে।

নাথ, বিফলে জনম সৱ গেলৰে।।


পদ : 

এভৱ গহন বন আতি মোহপাশে ছন্ন

তাতে হামু হৰিণ বেৰাই।

ফন্দিলো মায়াৰ পাশে কাল ব্যাধে ধায়া আসে

কাম ক্ৰোধ কুত্তা খেদি খাই।।

হৰাইলো চেতন হৰি নাজানো কিমতে তৰি

শুনিতে দগধ ভেল জীৱ।।

লোভ-মোহ দুহোঁ বাঘ সততে নাছাৰে লাগ

ৰাখু ৰাখু সদাশিৱ।।

পলাইতে নেদেখো সন্ধি দিনে দিনে দৃঢ় বন্দী

ভৈল মন্দ মনৰ যুগুতি।

তুৱা হৰি লাগো গোড় মোৰ মায়া পাশ ছোড়

শঙ্কৰ কৰয় কাকূতি।।