O Mur Senai (অ' মোৰ চেনাই)
এলবাম:প্ৰতীক্ষা(1987)
কণ্ঠ:কবিতা কৃষ্ণমূৰ্তী,জিতুল সোণোৱাল
সংগীত:জিতুল সোণোৱাল
অ' মোৰ চেনাই
অ' মোৰ চেনাই
তুমি যে নাই
ব'হাগ বনত মনে বিনাই
যোৱা ৰাতিৰ বিহুত
এবাৰো নেচালা
জগৰ লগালো কি ?
কিয় যে নক'লা
অ' অ' অ'
কিনো ক'লা মনৰ কথা
নুবুজিলো চকুৰ ভাষা
নয়নমণি তুমি আদৰৰে
কোনেও নুশুনা কথাটি
বুজালেও নুবুজা কথাটি
উজাগৰে ৰ'লো উৰে ৰাতি
লাগিলা বুকুতে বেথা দি
সঁচা মৰমকে নেওঁচি
হ' হ' হ' মিছা ছলনাৰে
ভোলাব নোৱাৰা
মৰম এনাজৰী
বান্ধিব নোৱাৰা
অ' অ' অ'
অ' মোৰ চেনাই
তুমি যে নাই
ব'হাগ বনত মনে বিনাই
মায়া সনা গধুলি পৰতে
গুপুতে ফুলৰে পাহিতে
চুমা দি তোমাৰে নামতে
জ্বলালো চাকি খন হিয়াতে
তোমাকে পাবলে বুকুতে
থাপনা পাতিলো আশাৰে
অ' হ' হ' যদি হ'ব খোজা
সঁচাকে লগৰী
দুখকে পাহৰি
আনিমে আদৰি
অ' হ' হ' মনৰ কথা তোমাক ক'লো
ব'হাগতে কথা দিলো
যদি হ'ব খোজা
সঁচাকে লগৰী
দুখকে পাহৰি
আনিমে আদৰি
অ' হ' হ
লা.. লা..লা.. লা..
0 Comments