Karkhanare Sitir Humuniya Lyrics By Bishnu Prasad Rabha II কাৰখানাৰে চিটিৰ হুমুনিয়া

Karkhanare Sitir Humuniya

Song: Karkhanare Sitir Humuniya (কাৰখানাৰে চিটিৰ হুমুনিয়া)

Singer: Bishnu Prasad Rabha


কাৰখানাৰে চিটিৰ হুমুনিয়া

কাৰখানাৰে চিটিৰ হুমুনিয়া

কলৰ ঘৰ্‌ঘৰণি বুকু কঁপোৱা
শুনি শুনি কাঁহৰ মাত কঠুৱা
কান্দে দুখীয়া বনুৱা ।

শুদা মজিয়াত অকলশৰীয়া
বিনায় কোলাত হিয়া লগৰীয়া
পুৱাই লঘোণ, ভাত নাইকিয়া
কান্দে দুখীয়া বনুৱা ।

অসহ জীৱন উটি ভাহি যোৱা
ভগা ছিগা মানৱী আমঠু হিয়া
শ্ৰম কৰিও খাবলই নোহোৱা
আলই বিলই হোৱা হজুৱা
কান্দে দুখীয়া বনুৱা ।।



Post a Comment

0 Comments