Ei Beli Bihure (এই বেলি বিহুৰে)
এলবাম:প্ৰতীক্ষা(1987)
কণ্ঠ:জিতুল সোণোৱাল,ড° সংগীতা কাকতি
সংগীত:জিতুল সোণোৱাল
কথা:জিতুল সোনোৱাল
Ei Beli Bihure (এই বেলি বিহুৰে)
এই বেলি বিহুৰে ৰঙৰে মেলাতে
নাচোনত উঠিছে গা'
কলিজাই আমনি কৰিছে লগৰী
চেনেহৰ বলিয়া বা'
দিম দিম দিম বুলি
মনৰে বাতৰি
বহগা কৰিলো পণ
দূৰতে শুনিলে চিনাকি সুহুৰি
কঁপে আলসুৱা মন
দূৰতে শুনিলে চিনাকি সুহুৰি
কঁপে আলসুৱা মন
কপৌফুল দিবানে
খোপাত সজাঁবলে
জেতুকাও দিবানে
দুহাত বুলাবলে
নাচনী সাজিমে মই
বিহুৰে তলিতে গৈ
তুমি যদি কোৱা
আনিব পাৰো মই
সৰগৰে পাৰিজাত
সৰগৰে পাৰিজাত
হৰিণী লেখিয়া তোমাৰে চাওনিত
বৰষে অমিয়া সুৰ
বহাগী সাজেৰে তোমাক নেদেখিলে
নপৰে হিয়া যে জুৰ
বহাগী সাজেৰে তোমাক নেদেখিলে
নপৰে হিয়া যে জুৰ
ইমান হেঁপাহ ইমান আকৌ
দুৰো দুৰো কঁপে পঁজা মনত
ধুমুহা আহিলে আমাৰ বাটত
পাৰিবানে গঢ়িব জীৱন সুৰৰ
বুকুৰ সাহসেৰে ধুমুহাক নেওঁচি
তোমাকেই কৰিমেই পাৰ
বুকুৰ সাহসেৰে ধুমুহাক নেওঁচি
তোমাকেই কৰিমেই পাৰ
এই বেলি বিহুৰে ৰঙৰে মেলাতে
নাচোনত উঠিছে গা'
কলিজাই আমনি কৰিছে লগৰী
চেনেহৰ বলিয়া বা'
হিয়াৰে পদূলি উদুলি মুদুলি
লাগিছে বলিয়া বা'
হিয়াৰে পদূলি উদুলি মুদুলি
লাগিছে বলিয়া বা'
0 Comments