Title: Dukhiyar Kolija
Lyrics: Bishnu Prasad Rabha
Category: Rabha Sangeet
দুখীয়াৰ কলিজা নিঙাৰি লৱ
দুখীয়াৰ কলিজা নিঙাৰি লৱ
টুপি টুপি তেজ শুঁহি শুঁহি পিৱ
ৰুকি ৰুকি মাংস চোবাই খাৱ
কুৰুকি হাড় কেউডালো চোবাৱ
হুচিয়াৰ ! হুচিয়াৰ !
ধনী ! মহাজন ! জমিদাৰ !
হুচিয়াৰ ! হুচিয়াৰ !
বিপ্লৱ পথৰে যাত্ৰী আমি
সৰ্বহাৰাৰ মুক্তকামী
চূৰ্ণ কৰিম আমি সংগ্ৰামী
দৰ্প ধনীৰ, পণ আমাৰ
হুচিয়াৰ ! হুচিয়াৰ !
ধনী ! মহাজন ! জমিদাৰ !
হুচিয়াৰ ! হুচিয়াৰ !
শেষ যুদ্ধৰ আমি ৰণুৱা
পৃথিৱীৰ হালোৱা বনুৱা
হ'ম বিজয়ী আমি দুখীয়া
ক'ত ৰবি ধনী এইবাৰ ?
হুচিয়াৰ ! হুচিয়াৰ !
ধনী ! মহাজন ! জমিদাৰ !
হুচিয়াৰ ! হুচিয়াৰ !
0 Comments