Song Details
কথা, সুৰ-সংগীত : ভূপেন হাজৰিকা
কণ্ঠ : ভূপেন হাজৰিকা / ঊষা মংগেশকাৰ
বোলছবি : পলাশৰে ৰং
ৰচনা কাল : ১৯৭৬ চন।
Label: Saregama
পলাশৰে ৰং
পলাশৰে ৰং
পলাশৰে ৰং…
কোনেনো সানিলে
এই মিঠা সেউজ বননিত
আৰু তোমাৰ কোমল চাৱনিত ।
জীৱনৰে ৰং
জীৱনৰে ৰং পলাশে সানিলে…
কোমল কোমল ঘাঁহনিত
আৰু তোমাৰ বুকুখনিত ।
যৌৱনৰে এই বলিয়া বানত
তুমিয়ে ময়ে সাঁতোৰো আহা
মৰমৰে এই এনাজৰীৰে
দুয়ো দুয়োকে বান্ধো আহা
বান্ধ ভাগি গ’লে হেৰাব সৰগ
ধুমুহা আহিব ধৰণীত ।
পলাশৰে ৰং…
কোনেনো সানিলে
এই মিঠা সেউজ বননিত
আৰু তোমাৰ কোমল চাৱনিত ।
মনে ভবা কথাটি নেথাকে গুপুত
আৰু কথা থাকিল বহুত
নোকোৱা কথাষাৰি
নোকোৱাকে থাকিলেও
ধৰা পৰে তোমাৰ চকুত
অ’ মনে ভবা কথাটি নেথাকে গুপুত
আৰু কথা থাকিল বহুত
নোকোৱা কথাষাৰি
নোকোৱাকে থাকিলেও
ধৰা পৰে তোমাৰ চকুত
নীলা আকাশত আজি আউজি লৈ
হালিছে জালিছে পলাশৰে ফুল
ফুলতো নহয় এয়া মৰমৰে জুই
নেমানে মৰমে কোনো জাতি কূল
দানৱী বিভেদক মানৱী চেনেহে
কৰিব এদিন পৰাজিত।
দানৱী বিভেদক মানৱী চেনেহে
কৰিব এদিন পৰাজিত ।।
পলাশৰে ৰং
কোনেনো সানিলে
এই মিঠা সেউজ বননিত
আৰু তোমাৰ কোমল চাৱনিত
জীৱনৰে ৰং পলাশে সানিলে…
কোমল কোমল ঘাঁহনিত
আৰু তোমাৰ বুকুখনিত ।
আৰু তোমাৰ কোমল চাৱনিত ।।
0 Comments