Nahor Phular botorote mur lyrics in Assamese ll নাহৰ ফুলাৰ বতৰতে মোৰ ll Doli Ghosh



এলবাম : এই বিহুৰে উৰুকা নিশা (1985)

কণ্ঠ : ডলী ঘোষ

সংগীত : হীৰেন গোহাঁই

সুৰ : হীৰেন গোহাঁই

কথা : হীৰেন গোহাঁই


নাহৰ ফুলাৰ বতৰতে মোৰ

নাহৰ ফুলাৰ বতৰতে মোৰ

পাখি লাহি মনৰ মাজত

কোনে আহি আজি গগণা বজায়

হালধি মাহে সুগন্ধি সনা

চিকুন কোমল দেহৰ ভাজত

কিহে জানো পিৰে পিৰাই যায়

নাহৰ ফুলাৰ বতৰতে মোৰ

পাখি লাহি মনৰ মাজত

কোনে আহি আজি গগণা বজায়।



কিনো চেনেহ আছিল বুকুত

বনজুয়ে পোৰাদি পোৰে

কিনো কথা আছিল চকুত

মনৰ ভাগৰ বুকুতে হৰে

নাহৰ কপৌৰ সুবাসতে

পেঁপা ঢোলৰ শৱদতে

পিৰিতীয়ে উঠে সাৰ পায়

নাহৰ ফুলাৰ বতৰতে মোৰ

পাখি লাহি মনৰ মাজত

কোনে আহি আজি গগণা বজায়।



দুয়ুটি হাত জেতুকাৰে শুৱনি

অ’ তাতো যেসোণ নভৰে মোৰ মন

কিনো ভাৱত নিশা নাহে টোপনি

উদং উদং বুকুৰ ভিতৰ খন

কুলিৰ মাতত বুজিলো মই

আঁহতৰে তলতে ৰৈ

সোণে মোলৈ আছে বাট চাই

নাহৰ ফুলাৰ বতৰতে মোৰ

পাখি লাহি মনৰ মাজত

কোনে আহি আজি গগণা বজায়

হালধি মাহে সুগন্ধি সনা

চিকুন কোমল দেহৰ ভাজত

কিহে জানো পিৰে পিৰাই যায়

নাহৰ ফুলাৰ বতৰতে মোৰ

পাখি লাহি মনৰ মাজত

কোনে আহি আজি গগণা বজায়।

Post a Comment

0 Comments