এলবাম : এই বিহুৰে উৰুকা নিশা (1985)
কণ্ঠ : ডলী ঘোষ
সুৰ : ৰাজেন গোহাঁই
কথা : হীৰেন গোহাঁই
কুঁৱলীৰ এই ছবিখন
কুঁৱলীৰ এই ছবিখন
সপোনৰ মিঠা ইন্ধন
পাহাৰ বাটৰ নামনি
সুগভীৰ সৰল বননি
হাহোঁ নে হাহোঁকৈ পলম এইয়াই
সপোনৰ মিঠা ইন্ধন
কুঁৱলীৰ এই ছবিখন ৷
বহু বাট আহি আহি
নিজকে হেৰুৱাই
লাগে কিয় ভাল
স্মৃতিৰ আমনি
ঘন কুৱলীয়ে
তৰে মায়াজাল
বহু বাট আহি আহি
নিজকে হেৰুৱাই
লাগে কিয় ভাল
স্মৃতিৰ আমনি
ঘন কুৱলীয়ে
তৰে মায়াজাল
অধৰত খেলি যায়
লুকাই লুকাই মৌ কম্পণ
মৌ কম্পণ..!
কুঁৱলীৰ এই ছবিখন
সপোনৰ মিঠা ইন্ধন
পাহাৰ বাটৰ নামনি
সুগভীৰ সৰল বননি
হাহোঁ নে হাহোঁকৈ পলম এইয়াই
সপোনৰ মিঠা ইন্ধন
কুঁৱলীৰ এই ছবিখন ৷
ছয়াময়া কুঁৱলী প্ৰথম তোমাৰ মোৰ চিনাকি
মনত পৰেনে সেই শীতৰ সন্ধিয়া
এটি সুধা দিছিলা যে বুকুত বাকি
ছয়াময়া কুঁৱলী প্ৰথম তোমাৰ মোৰ চিনাকি
মনত পৰেনে সেই শীতৰ সন্ধিয়া
এটি সুধা দিছিলা যে বুকুত বাকি
পৰিছিল তেতিয়া ৰূপহী জোনাকৰ বননিত কোমল চৰণ
কুঁৱলীৰ এই ছবিখন
সপোনৰ মিঠা ইন্ধন
পাহাৰ বাটৰ নামনি
সুগভীৰ সৰল বননি
হাহোঁ নে হাহোঁকৈ পলম এইয়াই
সপোনৰ মিঠা ইন্ধন
কুঁৱলীৰ এই ছবিখন
কুঁৱলীৰ এই ছবিখন
কুঁৱলীৰ এই ছবিখন ৷৷
0 Comments