শ্ৰেণী : বিহু গীত
কণ্ঠ : জুবিন গাৰ্গ , ভিতালী দাস
কলিয়া অ'ই ডাৱৰে
কলিয়া অ'ই ডাৱৰে
কলিয়া অ'ই ডাৱৰে জান ঐ
আকাশখনি চানিলে
দিখৌৰ বুকু বুৰালে বানে
যৌৱনৰে পথাৰখন
যৌৱনৰে পথাৰখন জান ঐ
মৰম আহি চানিলে
তোমাক আপোন কৰিবৰ মনে
সন্ধিয়া অ'ই আকাশে
সন্ধিয়া অ'ই আকাশে জান ঐ
তৰাৰ চাকি জ্বলালে
ডাৱৰ ফালি হাঁহিলে জোনে
মোৰে মনৰ আকশৰ
মোৰে মনৰ আকশৰ জান ঐ
আশাৰ চাকি জ্বলালে
তুমি মৰা পিৰিতিৰ বানে
শয়নে অ'ই সপোনে জান ঐ
থাকা তুমি কাষতে
যদিওবা নাজানে আনে
জীৱনে অ'ই মৰণে
জীৱনে অ'ই মৰণে জান ঐ
ৰ'বানে মোৰ কাষতে
তোমাক অ'ই বিচাৰে আনে
মুখৰে অ'ই কথাতে
মুখৰে অ'ই কথাতে জান ঐ
মোৰেনো মন নভৰে
দেহা নো শাত পেলাব কোনে ?
দুদিনীয়া মৰমে জান ঐ
কলিজা নভৰে
আপোন কৰি নোলোৱা মানে ......!!
Watch the video...
0 Comments