Janu Janu Janu song lyrics in Assamese ll জানো জানো জানো ll Jyoti Sangeet

Janu Janu Janu song lyrics in Assamese ll জানো জানো জানো ll Jyoti Sangeet

শ্ৰেণী : জ্যোতি সংগীত

কণ্ঠ : খগেন মহন্ত

সুৰ : জ্যোতিপ্ৰসাদ আগৰৱালা

কথা : জ্যোতিপ্ৰসাদ আগৰৱালা


জানো জানো জানো

বিফলে নাযায় মোৰো গানো

জানো জানো জানো

বিফলে নাযায় মোৰো গানো


মোৰ য’ত অশ্ৰুজল

তীৰ্থ জলেৰে মিলি

উজলিব পূজাৰী

কোষাই কোষাই

জানো জানো জানো

বিফলে নাযায় মোৰো গানো ।



মোৰ য’ত অভিনৱ গান

বিকশিত কমলৰ গন্ধ সমান

জানো জানো

জগাব সি বিশ্বৰ প্ৰাণো ।


 

অকলশৰীয়া সেই পুৱতিৰ তৰা

আপোনাৰ গানতেই আপুনি বিভোৰা

ঊষাৰ কোলাতে মাৰ যায়

পোহৰত হাঁহিটি মিলাই

ঊষাৰ কোলাতে মাৰ যায়

পোহৰত হাঁহিটি মিলাই

জানো জানো জানো

বিফলে নাযায় তাৰো গানো ।


 

জাগা অভিনৱ ছন্দে

জাগা অভিনৱ ছন্দে

মৌন মুগ্ধ য’ত শব্দ কমল দল

মৌন মুগ্ধ য’ত শব্দ কমল দল

কণ্ঠে কণ্ঠে অৰ্ব্বুদবৃন্দে

কণ্ঠে কণ্ঠে অৰ্ব্বুদবৃন্দে

জাগা অমৃত সুৰবাণী পৰমানন্দে

জাগা অমৃত সুৰবাণী পৰমানন্দে ।

জাগা অভিনৱ ছন্দে

জাগা অভিনৱ ছন্দে ।


Post a Comment

0 Comments