এলবাম : আশা (1995)
কণ্ঠ : জুবিন গাৰ্গ , সবিতা শর্মা গোস্বামী
সংগীত : জুবিন গাৰ্গ
কথা : জুবিন গাৰ্গ
আমি যেন দুটি মন পখী
আমি যেন দুটি মন পখী
উৰি ফুৰিছো পোহৰ বিচাৰি
ক'লা ডাৱৰে আৱৰা
ধোষৰ এই পৃথিৱীত
বিচাৰিছো আমি সোণালী ৰ'দ
আমি যেন দুটি মন পখী
উৰি ফুৰিছো পোহৰ বিচাৰি
ক'লা ডাৱৰে আৱৰা
ধোষৰ এই পৃথিৱীত
বিচাৰিছো আমি সোণালী ৰ'দ
নেলাগে মৰমৰ মিছা প্ৰলোভন
নেলাগে সহানুভূতি
নেলাগে নাসাজো মিছা বালিঘৰ
নেলাগে সহাৰি কাৰো
তেজেৰে জিনিম সপোন
আমি যেন দুটি মন পখী
উৰি ফুৰিছো পোহৰ বিচাৰি
ক'লা ডাৱৰে আৱৰা
ধোষৰ এই পৃথিৱীত
বিচাৰিছো আমি সোণালী ৰ'দ
মন হেৰালে প্রাণ হেৰালে
সুৰ হেৰালে মৰমৰ বোৰতে
মন হেৰালে প্রাণ হেৰালে
সুৰ হেৰালে মৰমৰ বোৰতে
আমি দুৰ অতীতৰে
দুটি মন বেদনাৰে আৱৰা
তেজেৰে জিনিম সপোন
আমি যেন দুটি মন পখী
উৰি ফুৰিছো পোহৰ বিচাৰি
ক'লা ডাৱৰে আৱৰা
ধোষৰ এই পৃথিৱীত
বিচাৰিছো আমি সোণালী ৰ'দ
দুটি নয়নত মন গহণত
এখনি আকাশ আছেহি জিলিকি
দুটি নয়নত মন গহণত
এখনি আকাশ আছেহি জিলিকি
সেই আকাশ আছে ভৰি
সপোনৰ পোহৰেৰে
আমাৰ বাবেই
তেজেৰে জিনিম সপোন
আমি যেন দুটি মন পখী
উৰি ফুৰিছো পোহৰ বিচাৰি
ক'লা ডাৱৰে আৱৰা
ধোষৰ এই পৃথিৱীত
বিচাৰিছো আমি সোণালী ৰ'দ
নেলাগে মৰমৰ মিছা প্ৰলোভন
নেলাগে সহানুভূতি
নেলাগে নাসাজো মিছা বালিঘৰ
নেলাগে সঁহাৰি কাৰো
তেজেৰে জিনিম সপোন
0 Comments