Aji Puwoti kihore aroti ll আজি পুৱতি  কিহৰে আৰতি ll Jyoti Sangeet

আজি পুৱতি

কিহৰে আৰতি

কি নবীন বীণা বাজে

পোহৰৰ বাটে বাটে

হে মৌন অতিথি !

আহিলা কি অভিনৱ সাজে ?

আহিলা কি অভিনৱ সাজে ?

আজি পুৱতি

কিহৰে আৰতি

আজি পুৱতি

কিহৰে আৰতি


নিদ্ৰিত নৱতম পৃথিৱী জাগে

নিদ্ৰিত নৱতম পৃথিৱী জাগে

তোৰ বৰ্ষণক্ষৰিত সেই

জ্যোতি প্ৰভাততে

পুণ্য স্নান কৰি

পুণ্য স্নান কৰি

আজি পুৱতি

কিহৰে আৰতি

কি নবীন বীণা বাজে

পোহৰৰ বাটে বাটে

হে মৌন অতিথি !

আহিলা কি অভিনৱ সাজে ?


নবীন দিনৰ নৱজীৱন মাগে,

নবীন দিনৰ নৱজীৱন মাগে,

বিশ্বজনতা জাগে

বিশ্বজনতা জাগে

পোহৰৰ বাটে বাটে

হে মৌন অতিথি,

আহিলা কি অভিনৱ সাজে ?

আহিলা কি অভিনৱ সাজে ?

আজি পুৱতি

কিহৰে আৰতি

কি নবীন বীণা বাজে

পোহৰৰ বাটে বাটে

হে মৌন অতিথি !

আহিলা কি অভিনৱ সাজে ?

আহিলা কি অভিনৱ সাজে ?

আহিলা কি অভিনৱ সাজে ?