lyrics of agoli botahe kopale kolore paat

আগলি বতাহে কঁপালে কলৰে পাত

 আগলি বতাহে কঁপালে কলৰে পাত
মন উৰণীয়া হেৰালে বাটৰে আঁত
আগলি বতাহে কপালে কলৰে পাত

বুজো কি নুবুজো
চিনাকি কুলিৰে মাত
মেলোঁ কি নেমেলোঁ মোৰ
আকাশে চুবলে হাত
হেৰালে বাটৰে আঁত
এটি সুৰ মাথোঁ
মনৰে ডালতে কঁপে
এটি মাথো পখী
এটি উৰে উৰে

কিনো ফুল সিটি
কিনো পখী সিটি
জিৰাব কিহৰে ছাঁত
হেৰালে বাটৰে আঁত