Tumar Kotha Jetia Bhabu Lyrics in Assamese II তোমাৰ কথা যেতিয়া ভাবো II Jayanta Hazarika

Tumar Kotha Jetia Bhabu Lyrics in Assamese II তোমাৰ কথা যেতিয়া ভাবো II

তোমাৰ কথা যেতিয়া ভাবো

তোমাৰ কথা যেতিয়া ভাবো
দুচকু পানীৰে ভৰে
বিৰিণা বনৰ পাতৰ আগে
বিৰিণা বনৰ পাতৰ আগে
এটোপি নিয়ৰ সৰে

তোমাৰ কথা যেতিয়া ভাবো
দুচকু পানীৰে ভৰে ।


তুমি যেন দূৰ-দূৰণিত শুনা
ৰিণিকি ৰিণিকি বাঁহী

নিজম ৰাতিৰ সোঁতে সোঁতে
যেন কাষলে আহা ভাহি
হেৰুৱা ফুলৰ সুবাসেৰে
হেৰুৱা ফুলৰ সুবাসেৰে
পদুলি ওপচি পৰে
তোমাৰ কথা যেতিয়া ভাবো
দুচকু পানীৰে ভৰে ।


তোমাৰ কথা মনত পৰিলে
বুকু যে উৰুঙা লাগে
শুকান পাত উৰুৱাই যেন
এচাটি যেন পচোৱা বলে

বৰ অসহায় অসহায় লাগে
বৰ অসহায় অসহায় লাগে
যেন নিজান মৰুৰ দৰে
তোমাৰ কথা যেতিয়া ভাবো
দুচকু পানীৰে ভৰে ।

Post a Comment

0 Comments