Mritruk Xaboti Lyrics in Assamese II মৃত্যু সাৱতি সমাধি তলত II Jayanta Hazarika

Mritruk Xaboti Lyrics in Assamese II মৃত্যু সাৱতি সমাধি তলত II Jayanta Hazarika

মৃত্যু সাৱতি সমাধি তলত

মৃত্যু সাৱতি সমাধি তলত
অকলে আছোহি শুই...
এতিয়া পুনৰ আহিছা কিয়
জ্বলাব কলিজাৰ জুই...
মৰন পৰতো আছিলো দেখো তোমাৰ বাটকে চাই
তেতিয়া তুমি সময় নাপালা তোমাৰ আহৰি নাই.

মোৰ মৃতদেহ বগা কাপোৰেৰে
কোনোবাই ঢাকি দিলে...
আন কোনোবাই গংগাজলেৰে দেহাটি তিয়াই দিলে...
নিশ্বয় তুমি তেতিয়া আছিলা
নিশ্বয় তুমি তেতিয়া আছিলা
আনৰ মৰম চুই

মই আছিলো ক্ষণ গনি গনি
আশাৰ বৃক্ষ ৰুই

চিৰ শান্তিৰ কোলাত আজি
পালো মোৰ বিচৰা ঠাই...
তুমি কিয় বাৰু এতিয়াও মোক
জোকাবলে এৰা নাই...

জীৱন পাৰত কাহিনী সামৰি তুমি যোৱা কিয় নাই,
জিয়া মায়াৰ বান্ধ খুলি ললো,

জিয়া মায়াৰ বান্ধ খুলি ললো
মৰণ প্ৰেয়সীক পাই...
নোজোকাবা মোক মিছা হাঁহি মাৰি,
নোজোকাবা মোক মিছা হাঁহি মাৰি,

ভালপাও বুলি কই.
এতিয়াতো পাৰ হবতো নোৱাৰো
এতিয়াতো পাৰ হবতো নোৱাৰো
অসীম মৰন লৈ...
অসীম মৰন লৈ...


Post a Comment

0 Comments