Burha Luitar Bixal Bahui ll বুঢ়া লুইতৰ বিশাল বাহুই ll Mitali Choudhary

 



বুঢ়া লুইতৰ বিশাল বাহুই

বুঢ়া লুইতৰ বিশাল বাহুই

আকোঁৱালি ল'লে

পাহাৰ ভৈয়াম

এক হৈ বৈ 

ৰহণীয়া কৃষ্টিৰ ধাৰ


বুঢ়া লুইতৰ বিশাল বাহুই

আকোঁৱালি ল'লে

পাহাৰ ভৈয়াম

এক হৈ বৈ 

ৰহণীয়া কৃষ্টিৰ ধাৰ

শংকৰ-মাধৱ আৰু

বিষ্ণু-জ্যোতিৰ

শংকৰ-মাধৱ আৰু

বিষ্ণু-জ্যোতিৰ

ত্যাগৰ মহিমা অপাৰ

বুঢ়া লুইতৰ বিশাল বাহু



নামদাঙৰ শিলৰ সাঁকো

দুপাৰে দুভৰি দি

নামদাঙৰ শিলৰ সাঁকো

দুপাৰে দুভৰি দি

অগ্নিগড়ৰ ঊষাক মাতিলো

ডালিমিয়ে পালে সাৰ

ডালিমিয়ে পালে সাৰ

শুভ্ৰ বসন পৰিহিতা মূলাৰ

শুভ্ৰ বসন পৰিহিতা মূলাৰ

মুক্ত শিৰ তপত তেজৰে ধাৰ

ত্যাগৰ মহিমা অপাৰ

বুঢ়া লুইতৰ বিশাল বাহুই



জয় দৌল, শিৱ দৌল

কাৰেঙ ৰংঘৰে

মৌন ভাষাৰে

বুৰঞ্জী শুনালে


জয় দৌল, শিৱ দৌল

কাৰেঙ ৰংঘৰে

মৌন ভাষাৰে

বুৰঞ্জী শুনালে

নৰকাসুৰে সুগম কৰিলে

নৰকাসুৰে সুগম কৰিলে

দুৰ্গম পথ মা-কামাখ্যাৰ

নৰকাসুৰে সুগম কৰিলে

দুৰ্গম পথ মা-কামাখ্যাৰ


নৰকাসুৰে সুগম কৰিলে

দুৰ্গম পথ মা কামাখ্যা

পোৱা মক্কাক চালাম কৰিলো

পোৱা মক্কাক চালাম কৰিলো

প্ৰণামি মাধৱক

গুৰুদ্ৱাৰত সেৱাটি জনালোঁ


বুঢ়া লুইতৰ বিশাল বাহুত

যুগে যুগে হয় 

শক্তিৰ সঞ্চাৰ 

বুঢ়া লুইতৰ বিশাল বাহুত

যুগে যুগে হয় 

শক্তিৰ সঞ্চাৰ 


মই শ্বৰাতি গৰখীয়াৰ বাঁহী

মই শ্বৰাতি  গৰখীয়াৰ বাঁহী

টোকাৰি দোহাৰো একতাৰ অংগীকাৰ



মই অসমৰ মই ভাৰতৰ

মই অসমৰ মই ভাৰতৰ

সমন্বয়ৰ বোৱতী ধাৰ ।


Post a Comment

0 Comments