Raij Aji Baworia Dexei Naat Ghar Lyrics in Assamese II ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ II Dr. Bhupen Hazarika

 

Raij Aji Baworia Dexei Naat Ghar Lyrics in Assamese II ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ II Dr. Bhupen Hazarika

ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ

ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল'বা আহাঁ
সময় যে তাকৰ
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল'বা আহাঁ
সময় যে তাকৰ

আখৰা নেলাগে, নেলাগে পোছাক
নঙঠা হৈয় আহাঁ
ভুকাতুৰ পেটতে গামোচা বান্ধি
উন্মাদ হৈ আহাঁ
তেহে ৰহণ চৰিব নাটৰ
তেহে ৰহণ চৰিব নাটৰ
কোনে কি ভাও ল'বা ,আহাঁ
সময় যে তাকৰ ।
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ ..
কোনে কি ভাও ল'বা আহাঁ
সময় যে তাকৰ

পৰিচালকক সুধিবৰ হ'ল
মুখাৰে কিমান ঠগিবা
টেকনিক ভৰা নাটেৰে কিমান
নাটনিৰ নাট মেলিবা
সংলাপ নেলাগে মিঠা ভাষাৰ
আৰ্তনাদেৰেই কোঁৱা
দুষ্টজনকে চেতনাৰে যুঁজি
বীৰৰ যোগ্য হোৱা
তেহে ৰহণ চৰিব নাটৰ !
তেহে ৰহণ চৰিব নাটৰ !
কোনে কি ভাও ল'বা আহাঁ
সময় যে তাকৰ
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল'বা ,আহাঁ
সময় যে তাকৰ

ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল'বা ,আহাঁ
সময় যে তাকৰ


Post a Comment

0 Comments