O mur apunar desh lyrics in Assam II অ’ মোৰ আপোনাৰ দেশ II

 


অ’ মোৰ আপোনাৰ দেশ

অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ ।
 
অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদি মাত
পৃথিৱীৰ ক'তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।
 
অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই ।

Post a Comment

0 Comments