xirote xendur lom murote uroni lyrics ll শিৰত সেন্দুৰ ল'ম মূৰতে ওৰণি ll zubin garg

 



শিৰত সেন্দুৰ ল'ম মূৰতে ওৰণি

কথাছবি : জোনদা ইমান গুণ্ডা (2007)

কণ্ঠ : জুবিন গাৰ্গ, মৌচুমি চহৰীয়া, জুৱলী বৰুৱা

সংগীত : হিতেশ বৰুৱা


শিৰত সেন্দুৰ ল'ম মূৰতে ওৰণি

শিৰত সেন্দুৰ ল'ম মূৰতে ওৰণি
গাত পাতৰ সাজ পিন্ধি কইনা সাজি
শিৰত সেন্দুৰ ল'বা মুৰতে ওৰণি
গাত পাতৰ সাজ পিন্ধি কইনা সাজি
দেহা অ'ই আহিবা দৰা সাজি
তোমাক অ'ই নিম দোলাতে তুলি
উদূলি মুদূলি হ'ব ৰভাতলি
ঢোলে দগৰে অ'ই বাজিব গধূলি
উদূলি মুদূলি হ'ব ৰভাতলি
ঢোলে দগৰে অ'ই বাজিব গধূলি
দেহা অ'ই আহিবা দৰা সাজি
কোনে অ'ই তুলিব সোৱাগ গুৰি



হাততে কাণতে পিন্ধাবা গহনা
জোৰোণত আনিবা মহঙা মহঙা 
অ' মুগাৰে মেখেলা পাতৰ চাদৰ ৰিহা
চমকা চমকা ফুলে গুনা কৰা
হাতৰ মুঠি খাৰু জুনুজুন জুনুককে বাজিব
ডিঙিৰ মণিধাৰি চকমক চকমক কৰিব
ওৰনিৰ তলতে যেন জোন জ্বলিব
দেহা অ'ই আহিবা দৰা সাজি
কোনে অই তুলিব সোৱাগ গুৰি
শিৰত সেন্দুৰ ল'ম মুৰতে ওৰণি
গাত পাতৰ সাজ পিন্ধি কইনা সাজি...



হেই......
হাততে দোনৰি কাষতে কলছী লৈ
গাৱৰে গোপিনী পানী তুলিব গৈ
হাততে দোনৰি কাষতে কলছী লৈ
গাৱৰে গোপিনী পানী তুলিব গৈ
মা হালধিয়ে নোৱাব অ'ই
আয়তীয়ে গাব বিয়া নাম অ'ই
আয়তীয়ে গাব বিয়া নাম অ'ই
আগে দিয়া পাছে দিয়া পঞ্চ আয়তি
দুৰ্বা ঘাটৰ পানী আনি মূৰত দিয়াহি
অ'ই ৰাম মূৰত দিয়াহি
দেহা অ'ই আহিবা দৰা সাজি
কোনে অ'ই তুলিব সোৱাগ গুৰি
শিৰত সেন্দুৰ ল'ম মুৰতে ওৰণি
গাত পাতৰ সাজ পিন্ধি কইনা সাজি
উদূলি মুদূলি হ'ব ৰভাতলি
ঢোলে দগৰে অই বাজিব গধূলি।

Watch the video...



Post a Comment

0 Comments