গীত:গাঁৱৰে সৰু সৰু পদূলি
কথাছবি : জোনদা ইমান গুণ্ডা (2007)
কণ্ঠ : জুবিন গাৰ্গ
সংগীত : হিতেশ বৰুৱা
গাঁৱৰে সৰু সৰু পদূলি
বাঁহৰে আগতে বগলী নাছিছে ওমলি-জামলি
কপৌৰে কুৰুলি ফেঁচাৰে উৰুলি
গাঁওখনি উদূলি-মুদূলি
গাঁৱৰে সৰু সৰু পদূলি
সুবাসত আমোলমোল শেৱালি
নঙলা মাৰিতে ওলমি ওলমি
খেৰৰে মেজিতে চুচৰি বাগৰি
লুকা-ভাকু দৰা কইনা
আৰু ক'ত খেল
আছে খেলি সৰু ল'ৰা-ছোৱালী
আছে খেলি সৰু ল'ৰা-ছোৱালী।
মই দুৰাচাৰ কেৱলে তোমাৰ
অপৰাধী নাৰায়ণ
হৰি ৰাম অ ৰাম অ
ৰাম ৰাম ৰাম..
হৰি মোহনাত অ'ই ঘোষা কিযে গাই অ'ই
তাও খিতাও তাও খিতাও খোলে কিযে বায় অ'ই
হৰি মোহনাত অ'ই ঘোষা কিযে গাই অ'ই
তাও খিতাও তাও খিতাও খোলে কিযে বায় অ'ই
সেইজনী আমৈ হাততে হাচঁতি লৈ
পথাৰলৈ যায় অই
পাছে পাছে তাৱৈ পাছে পাছে তাৱৈ
ৰঙিলী ৰহেদৈ ককাঁলতে খালৈ
জাক জাক জাকৈৱা ধৰে পুঠি কাৱৈ
ধৰে পুঠি কাৱৈ...
লাই-লফা চুকা পালেং শাকে ৰান্ধি খাম
ঔ-টেঙা ওলকচুৰেও জুতি চাম
লাই-লফা চুকা পালেং শাকে ৰান্ধি খাম
ঔ-টেঙা ওলকচুৰেও জুতি চাম
গাঁৱৰে সৰু সৰু পদূলি
সুবাসত আমোলমোল শেৱালি
আই চুলি কোটোলা বাই চুলি কোটোলা
মোৰ চুলি কঁকালত পৰিছে
ঘাটে ঘাটে গাভৰু আবোৰ নাই অকনো
পাৰে পাৰে ডেকাৰে তাতে পৰে চকু
ঘাটে ঘাটে গাভৰু আবোৰ নাই অকনো
পাৰে পাৰে ডেকাৰে তাতে পৰে চকু
আঘোনী বাই অ'ই গাত ততে নাই অ'ই
ইঘৰে সিঘৰে কথা চুবাই অ'ই
কথা চুবাই অ'ই.....
চাপৰিতে গৰু দামুৰী সৰু সৰু
গৰখীয়াই খাই অ'ই পকা পকা লাৰু
পকা পকা লাৰু....
মৰিলে পুনৰ ইয়াত লভিমে জনম
আপদে-বিপদে জানা ইজনে সিজন
মৰিলে পুনৰ ইয়াত লভিমে জনম
আপদে বিপদে জানা ইজনে সিজন
গাঁৱৰে সৰু সৰু পদূলি
সুবাসত আমোলমোল শেৱালি
নঙলা মাৰিতে ওলমি ওলমি
খেৰৰে মেজিতে চুচৰি বাগৰি
লুকা-ভাকু দৰা কইনা
আৰু ক'ত খেল
আছে খেলি সৰু ল'ৰা-ছোৱালী
আছে খেলি সৰু ল'ৰা-ছোৱালী।
বাঁহৰে আগতে বগলী নাছিছে ওমলি-জামলি
কপৌৰে কুৰুলি ফেঁচাৰে উৰুলি
গাঁওখনি উদূলি-মুদূলি
Watch the video...
0 Comments