Home Zubin Garg ANDHA AKASH Lyrics in Assamese II Jubin & Jonki II অন্ধ আকাশ
ANDHA AKASH Lyrics in Assamese II Jubin & Jonki II অন্ধ আকাশ
Title : Andha Akash Singer: Jubin & Jonki অন্ধ আকাশ অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠাত হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো মৃত্যুৰ ৰথ মৃত্যু এতিয়া সহজ মৃত্যু এতিয়া উচৱ মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ মৃত্যু এতিয়া সহজ অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্ন বাহক মগ্ন বিভোৰ অন্ধ সুখত ক্লান্ত জীৱন আজি ক্লান্ত দিঠক আজি ক্লান্ত জীৱন আজি ক্লান্ত দিঠক আজি দুচকুত ভাহে মাথোঁ শান্তিৰ শুভ্ৰ ৰথ মুকুতিৰ শুদ্ধ পথ মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাত কিমান বাকী জীৱন দিয়াৰ ক্ষমতানো কাৰ জীৱন লোৱাৰ ক্ষমতা অপাৰ জন্ম লোৱাৰ অৰ্থ বিশাল অৰ্থ নৰ'ল হ'ল মহাকাল শিশুৰ মুখৰ হাঁহি কেতিয়াকে ঘুৰি আহি শিশুৰ মুখৰ হাঁহি কেতিয়াকে ঘুৰি আহি আদৰিব নৱ প্ৰভাতক শান্তিৰ সুৰুযক মুকুতিৰ সুৰুযক মুক্ত আকাশ শান্ত বতাহ কবিতাৰ ৰাতিৰ স্নিগ্ধ জোনাক শুদ্ধ মনৰ মুক্ত কোঠাত মানৱ প্ৰেমৰ মুৰ্ত প্ৰকাশ মুকুতি আজি আহি দুচকুত সাৰে ৰয় বুকুৱে বুকুৱে বয় শান্তিৰ ঢল মুকুতি এতিয়া হাতত মুকুতি এতিয়া প্ৰাণত মুকুতি এতিয়া নিজৰ মকুতি এতিয়া হাতত মুকুতি এতিয়া প্ৰাণত মুকুতি এতিয়া নিজৰ
0 Comments