মোৰ কবিতাৰ ছন্দ লাগি Lyrics of Kolaguru Bishnu Prasad Rabha II Mur Kobitar Chanda Lagi II Rabha Sangeet
মোৰ কবিতাৰ ছন্দ লাগি (Mur Kobitar Chanda Lagi)

Title: মোৰ কবিতাৰ ছন্দ লাগি (Mur Kobitar Chanda Lagi)

Lyrics: বিষ্ণু প্ৰসাদ ৰাভা (Bishnu Parasad Rabha)

Category: ৰাভা সংগীত ( Rabha Sangeet)


Assamese Version


মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিতাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?

মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিতাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?


( নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে ) 2X
সেই উলাহত হৰ্ষ লাগি
হিয়াত নাচোন উঠেনে?
হিয়াত নাচোন উঠেনে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?


( ৰন্ধে ৰন্ধে তুলি সুৰ
বাজে মন বাঁহী মোৰ ) 2X
( সেই সুৰতেই শাত কৰি লই
পৰিবনে হিয়া জুৰ ? ) 2X
( ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমূলমূল ) 2X
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাছেনে ?
এবাৰ হিয়াই নাছেনে ?


কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে?
স্পন্দন তোৰ জাগেনে?
কথা মালিতাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ভাগেনে ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?
তোৰ সোণৰ সপোন ভাগেনে?

Watch the Song: