Dur Bohu Dur (দূৰ বহু দূৰ) II Jitul Sonowal

Dur Bohu Dur (দূৰ বহু দূৰ)

এলবাম:প্ৰতীক্ষা(1987)

কণ্ঠ:জিতুল সোণোৱাল

সংগীত:জিতুল সোণোৱাল


দূৰ বহু দূৰ

দূৰ বহু দূৰ

সপোনৰ সুৱদী সুৰ

দূৰ বহু দূৰ

চিনাকি বাটৰ সুৰ

তপত হিয়াৰ কোমল উশাহ

শুনিছানে গোপনে

হেজাৰ আশাৰ মিঠা সুৱাস

ৰাখিছানে যতনে

গভীৰ ৰাতিৰ পৰতে

দূৰ বহু দূৰ

সপোনৰ সুৱদী সুৰ

দূৰ বহু দূৰ

চিনাকি বাটৰ সুৰ ।


মোৰ মন পদূলিতে

সন্ধিয়াতে জ্বলালা চাকি

উৰুঙা মোৰ আকাশত

সানিলা শৰতৰ মিঠা হাঁহি

কোনোবা আঁউসী ৰাতিয়ে

আৱৰিলেহি মোহনীয়া বাট

সৰিলে আশাৰে পাহি

হেৰালে হেঁপাহৰ মৰমী ছাঁ

নিৰৱে লগন গণি

আছো বহি ভাগৰতে !

দূৰ বহু দূৰ

সপোনৰ সুৱদী সুৰ

দূৰ বহু দূৰ

চিনাকি বাটৰ সুৰ ।


মিলনৰ ৰাতিপুৱাতে

নিয়ৰে তিতালে সেন্দুৰীয়া মুখ

ৰ'দতে জিলিকি থকা

মুকুতা মণিৰ দেখিলো তোক

যেতিয়া পামযে তোমাক

এই জীৱনৰ দুপৰীয়াতে

আদৰি ল'বানে উলাহৰ

নিজৰা বোৱাই দুচকুতে

দুখৰে পৰিব ওৰ

ফুল ফুলাৰ সময়তে ।

দূৰ বহু দূৰ

সপোনৰ সুৱদী সুৰ

দূৰ বহু দূৰ

চিনাকি বাটৰ সুৰ

তপত হিয়াৰ কোমল উশাহ

শুনিছানে গোপনে

হেজাৰ আশাৰ মিঠা সুৱাস

ৰাখিছানে যতনে

গভীৰ ৰাতিৰ পৰতে

দূৰ বহু দূৰ

সপোনৰ সুৱদী সুৰ

দূৰ বহু দূৰ

চিনাকি বাটৰ সুৰ ।।